কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ তিতাগুৰিত দিন-দুপৰতে এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক আততায়ীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাই ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়ছোৱাতে লাফিকুলৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী তুলি অসম মিঞা পৰিষদে কাইলৈ অৰ্থাৎ ৫ আগষ্টত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বানৰ তীব্ৰ বিৰোধিতা কৰিছে এবিএমছুৱে৷
আজি কোকৰাঝাৰত এবিএমছুৰ সাধাৰণ সম্পাদক শ্বাহকামাল খন্দকাৰে লাফিকুৰ হত্যাৰ আলম লৈ আহ্বান জনোৱা বন্ধই সমাজত অশান্তিৰ বাতাৱৰণৰ হে ইন্ধন যোগাব বুলি শংকা ব্যক্ত কৰি বন্ধই কোনো সমস্যাৰ সমাধান নকৰে আৰু সেয়েহে বন্ধৰ কাৰ্যসূচীক এবিএমছুৱে কোনোপধ্যে সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে৷