কোকৰাঝাৰঃ শ্বৰীয়ত বিৰোধী কাৰ্য বুলি এচাম ধৰ্মান্ধই নাহিদৰ গান গোৱাক লৈ ফটোৱা জাৰি কৰা কাৰ্যৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াই গা কৰি উঠিছে ৰাজ্যখনত। ছ’চিয়েল মিডিয়াত নাহিদৰ প্ৰতিক্ৰিয়ামূলক ক্ৰন্দনৰত ভিডিঅ’ নিউজ নেক্সট ৱানে এৰি দিয়াৰ পিছতে সম্প্ৰতি ছছিয়েল মিডিয়াত ধৰ্মান্ধসকলৰ বিৰুদ্ধে প্ৰৱল জনমত গঢ়ি উঠিছে।
বিভিন্ন দল-সংগঠন, ব্যাক্তি বিশেষে প্ৰচুৰ প্ৰতিভাসম্পন্ন নাহিদ অাফ্ৰিনৰ সপক্ষে থিয় দি অসমৰ জনগণ নাহিদৰ পক্ষত অাছে বুলি মন্তব্যৰে ভাৰতীয় সংবিধানে যিহেতু গান গোৱাত বাধা-নিষেধ অাৰোপ কৰা নাই সেয়েহে ভাৰতীয় হিচাপে গান গোৱাত কোনো বাধা নাই বুলিও একাংশই ছ’চিয়েল মিডিয়াত তাপপৰ্যপূৰ্ণ মন্তব্য অাগবঢ়াইছে।