বড়োলেণ্ড গঠনৰ দাবীৰ বিৰুদ্ধে কঠোৰ স্থিতি অবড়ো সুৰক্ষা সমিতিৰ৷ ৭ মে'ত২৪ ঘন্টীয়া অসম বন্ধ, ১৫ মে'ত ১২ ঘন্টীয়া চকা বন্ধ কাৰ্যসূচী ঘোষণা৷ 

 

 

গোৰেশ্বৰঃ অবড়ো সুৰক্ষা সমিতি, অসমে আগন্তুক লোকসভা নিৰ্বাচনত সাংসদ নৱ শৰণীয়াক সমৰ্থন নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২৯ এপ্ৰিলত অনুষ্ঠিত সমিতিৰ কাৰ্যনিৰ্বাহকে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি এক বিবৃতি যোগে সংবাদ মাধ্যমত অৱগত কৰে সংগঠনটোৱে। 

সোমবাৰে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই এক বিবৃতি যোগে লোকসভা নিৰ্বাচনত সাংসদ নৱ শৰণীয়াক সমৰ্থন নিদিয়াৰ কথা উল্লেখ কৰাৰ লগতে বিটিএডিত অবড়ো লোকৰ স্বাৰ্থ অধিকাৰ-সুৰক্ষা আৰু বড়োলেণ্ড গঠনৰ দাবীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয়। সমিতিৰ কাৰ্যনিৰ্বাহক সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি সুৰজ জামান সৰকাৰৰ সভাপতিত্বত হাউলী ক্লাৱ হাউচত অনুষ্ঠিত হয়। 

অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই বড়োলেণ্ড গঠনৰ জৰিয়তে অসমক পুনৰ বিভাজন কৰিব বিচৰা ষড়যন্ত্ৰ, বিটিচি চুক্তি পুনৰীক্ষণ, অবড়ো সংখ্যাগৰিষ্ঠ গাঁও বিটিএডিৰ পৰা কৰ্তন কৰাৰ দাবীত আন্দোলন তীব্ৰতৰ কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বুলি কয়। 

সভাত আগন্তুক লোকসভা নিৰ্বাচন আৰু নাগৰিক সংশোধনী আইন সন্দৰ্ভত বিশদ ভাৱে আলোচনা কৰা হয়। বিটিএডিত অবড়ো সকলৰ স্বাৰ্থক সুৰক্ষিত কৰি ৰাখিবলৈ বদ্ধপৰিকৰ অবড়ো সুৰক্ষা সমিতিয়ে সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয়। 

বড়োলেণ্ড গঠন দাবীৰ বিৰুদ্ধে অবড়ো সুৰক্ষা সমিতিয়ে অহা ৭ মে’ত ২৪  ঘন্টীয়া অসম বন্ধ, ১৫ মে’ত ১২ ঘন্টীয়া চকা বন্ধ কাৰ্যসূচী ঘেষণা কৰে। অবড়ো সুৰক্ষা সমিতিৰ একাংশ লোকে বিভিন্ন ৰাজনৈতিক দলৰ সৈতে জড়িত হৈ থকাটো অবড়ো সুৰক্ষাৰ দৃষ্টিগোচৰ হোৱাৰ পৰিপ্ৰেক্ষিত তেনে লোকক স্বেচ্ছাই সংগঠনৰ পৰা অব্যাহতি ল'বলৈ আহ্বান জনাই অন্যথাই সমিতিয়ে নিজে ব্যৱস্থা ল’ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা বুলি কয় অবড়ো সুৰক্ষাৰ সম্পাদক কলিতাই৷

আগন্তুক লোকসভা নিৰ্বাচনত যিহেতু নৱ শৰণীয়াক অবড়ো সুৰক্ষা সমিতিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰিছে তেনে ক্ষেত্ৰত কাক সমৰ্থন দিলে বিপিএফক পৰাস্ত কৰি বড়োলেণ্ড গঠনৰ ষড়যন্ত্ৰ প্ৰতিহত কৰিব পৰা যাব সেই বিষয়ে শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও কয় অবড়ো সুৰক্ষা সমিতিয়ে।