গোৰেশ্বৰঃ অবড়ো সুৰক্ষা সমিতি, অসমে আগন্তুক লোকসভা নিৰ্বাচনত সাংসদ নৱ শৰণীয়াক সমৰ্থন নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২৯ এপ্ৰিলত অনুষ্ঠিত সমিতিৰ কাৰ্যনিৰ্বাহকে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি এক বিবৃতি যোগে সংবাদ মাধ্যমত অৱগত কৰে সংগঠনটোৱে।
সোমবাৰে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই এক বিবৃতি যোগে লোকসভা নিৰ্বাচনত সাংসদ নৱ শৰণীয়াক সমৰ্থন নিদিয়াৰ কথা উল্লেখ কৰাৰ লগতে বিটিএডিত অবড়ো লোকৰ স্বাৰ্থ অধিকাৰ-সুৰক্ষা আৰু বড়োলেণ্ড গঠনৰ দাবীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয়। সমিতিৰ কাৰ্যনিৰ্বাহক সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি সুৰজ জামান সৰকাৰৰ সভাপতিত্বত হাউলী ক্লাৱ হাউচত অনুষ্ঠিত হয়।