অভয়াপুৰীঃ যোগীঘোপাত শনিবাৰে পুৱাই পথ দুৰ্ঘটনা সংঘটিত হৈ অভয়াপুৰীৰ সৰবৰহী লোক পংকজ পাঠকৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰে৷ যোগীঘোপাৰ নৰনাৰায়ণ সেতুত সংঘটিত পথ দুৰ্ঘটনাত APROৰ কৰ্মচাৰী পংকজ পাঠক মৃত্যু হয়।

বঙাইগাঁও জিলাৰ অভয়াপুৰী নিবাসী APROৰ কৰ্মচাৰী পংকজ পাঠকে AS-19-E-3338 নম্বৰৰ বাইকেৰে কৰ্মস্থলী গোৱালপাৰালৈ গৈ আছিল৷ তেনে অৱস্থাতে বিপৰীত দিশৰ পৰা অহা  AS-15-C4327 নম্বৰৰ টাটা মবাইলৰ সৈতে মুখামুখী সংৰ্ঘষ লগাত পংকজ পাঠক গুৰুতৰ ভাবে আহত হয়।

ততাতৈয়াকৈ স্থানীয় ৰাইজে সংকট জনক অৱস্থাত পংকজ পাঠকক চলন্তাপাৰা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে মৃত্যু হোৱ বুলি ঘোষণা কৰে। আনহাতে ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা টাটামবাইল খন জব্দ কৰে। পংকজ পাঠকৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।