অভয়াপুৰীঃ ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিয়ে বঙাইগাঁৱৰ অভয়াপুৰীত শনিবাৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
সংগঠনটোৱে শনিবাৰে পুৱাই অসম মহিলা বিশ্ববিদ্যালয় অসম চৰকাৰে বন্ধ কৰিব বিচৰাৰ বিৰুদ্ধে অভয়াপুৰীত এটি সমদল উলিয়াই শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে৷ সমদলত অংশ গ্ৰহণ কৰা লোকসকলে অসম চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱালৰ কাম নাই আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।