কোকৰাঝাৰঃ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে যোৱা ২৬ অক্টোবৰত কোকৰাঝাৰ জিলাৰ ছালাকাটি ৰেল ষ্টেছনত ৰেলপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ লওঁতেই আৰক্ষী- নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰী জনতাৰ ওপৰত কৰা বৰ্বৰ আচৰনৰ প্ৰতিবাদ জনাই তথা লাফিকুলৰ হত্যাকাৰীক আটক কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত ছাত্ৰসংগঠনটোৱে ১ নৱেম্বৰত আহ্বান জনোৱা ২৪ ঘণ্টীয়া বিটিএডি বন্ধ আজি প্ৰত্যাহাৰ কৰিছে।
মঙলবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত হোৱা এক সংবাদমেলত এবিএমছুৰ ভাৰপ্ৰাপ্ত সভাপতি আলি আজম শ্বেখ আৰু এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰন সম্পাদক মইনুদ্দিন আলীয়ে এবিএমছুৰ দাবীসমুহক লৈ ছাত্ৰ সংগঠনটোৱে এডিজিপি পল্লৱ ভট্টাচাৰ্যৰ সৈতে এক বৈঠক অনুষ্ঠিত হয় আৰু উক্ত বৈঠকতে ছাত্ৰসংগঠনৰ দাবীসমুহ পৰ্যায়ক্ৰমে পুৰণ কৰা হ’ব বুলি পল্লৱ ভট্টাচাৰ্যই আশ্বাস প্ৰদান কৰা বুলি কয়।