গোৰেশ্বৰঃ অসমৰ যদি এশ শতাংশ মুছলমান শিক্ষিত হৈ যায় তেন্তে কোনেও আৰু আমাক লৈ বিভাজনৰ ৰাজনীতি কৰিব নোৱাৰিব। কিন্তু আমাৰ বিড়ম্বনা এয়াই যে আমাৰ অজ্ঞানতাৰ সুযোগ লৈ একাংশ ৰাজনৈতিক নেতাই হিন্দু-মুছলমানক লৈ বিভাজনৰ ৰাজনীতি কৰি আমাক বিপথে পৰিচালিত কৰিছে। এই মন্তব্য সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা সন্থা চমুকৈ এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ।
তেওঁ আৰু কয় সকলোৱে উচ্চ শিক্ষাৰে শিক্ষিত হ’ব লাগে তেহে আমাৰ মাজত কোনো বিশৃংখলতা নাথাকিব। শিক্ষা-দিক্ষাৰে আগুৱাই গৈ আজিৰ সমাজ খনক সুষ্ঠিৰ কৰিব পৰা যাব বুলি সভাপতিজনে ভাষণ ৰাখে । তেওঁ ঘোষণা কৰে এবিএমছুয়ে কম দিনৰ ভিতৰত বিটিএডিৰ দহটা মহকুমাত ছাত্ৰ – ছাত্ৰীৰ বাবে কম্পিউটাৰৰ শিক্ষাৰ ব্যৱস্থা কৰিব।