ৰঙিয়াঃ পূৰ্বে এটি ৰাজনৈতিক চক্ৰই বিটিএডিত সংঘৰ্ষ লগাই তৰুণ গগৈক অস্থিৰ কৰিব খুজিছিল৷ বৰ্তমানেও তেনে এটা পৰিৱেশ সৃষ্টিৰ বাবে এটি চক্ৰই অহৰহ চেষ্টা চলাই আছে৷ সেই একেই লবীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰক অস্থিৰ কৰাৰ বাবে কাম কৰি আছে৷
এই অভিযোগ এবিএমছুৰ সাধাৰণ সম্পাদক চাহ কামাল খণ্ডকৰ, কাৰ্যকৰী সভাপতি আবু চৈয়দ আনছাৰী, মুখ্য সাংগঠনিক সম্পাদক চাহনুৰ হুছেইনৰ৷ সভাপতিৰ মৃত্যুৰ পাছত আজি ৰঙিয়া প্ৰেছ ক্লাৱত এবিএমছুৱে প্ৰথমখন সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ কৰে।