কোকৰাঝাৰঃ অচিনাক্ত দুস্কৃতিকাৰীৰ গুলীচালনাত নিহত হোৱা এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত এবিএমছুৱে আজি আহ্বান জনোৱা ১২ ঘণ্টীয়া বিটিএডি বন্ধৰ প্ৰভাৱ কোকৰাঝাৰত আংশিকভাৱে পালিত হয়। বন্ধৰ সময়ছোৱাত কোকৰাঝাৰ সদৰ চহৰত একাংশ দোকান পোহাৰ বন্ধ থকাৰ বিপৰীতে লাফিকুল হত্যাকাণ্ডৰ স্থান অৰ্থাৎ তিতাগুৰীত দোকান পোহাৰ সম্পূৰ্ণভাৱে খোলা থাকে।
অৱশ্যে জিলাখনৰ ভাটিপাৰা, মোকৰাপাৰা, ভোটগাঁও, ঢোলমাৰা, ফকিৰাগ্ৰাম, ছালাকাটী, চিথিলাকে ধৰি কেতবোৰ অঞ্চলত বন্ধৰ প্ৰভাৱ সম্পূৰ্ণৰূপে পৰা পৰিলক্ষিত হয়। উক্ত অঞ্চলবোৰত বন্ধ সমৰ্থনকাৰীয়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আৰু কোকৰাঝাৰ আৰক্ষীয়ে ১০ গৰাকী পিকেটিংকাৰীক আটক কৰে।