ওদালগুৰিঃ বন্ধৰ সমৰ্থন কৰিবলৈ ওলাই অহা নেতাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাত ক্ষোভিত হৈ পৰিছে এবিএমছু৷ ওদালগুৰি জিলাৰ আৱৰ্ত ভৱনত মঙলবাৰে সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৱে চৰকাৰ তথা ওদালগুৰি জিলা আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ সংবাদমেলত সংগঠনটোৱে একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক৷
ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক যুৱৰাজ সিঙৰ বিৰুদ্ধে গৰজি উঠি সংগঠনটোৱে গ্ৰেপ্তাৰ কৰা নেতাক মুকলি কৰি দিয়াৰ দাবী জনায়। এবিএমছুৰ কেন্দ্ৰীয় সভাপতি তথা সংখ্যালঘু নেতা লাফিকুল ইছলাম হত্যাকাৰীক শীঘ্ৰে আটক কৰাৰ দাবীত সংগঠনটোৱে যোৱা ১৩অক্টোবৰত বিটিচি বন্ধ ঘোষণা কৰিছিল৷ বন্ধৰ সময়ছোৱাত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহা সংগঠনটোৰ কলাইগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদকৰ লগতে আন এগৰাকী সদস্যক আৰক্ষীয়ে আটক কৰে।