ৰঙিয়াঃ যৌথ মঞ্চই আহ্বান জনোৱা বিটিএডি বন্ধৰ সময়ছোৱাত কোকৰাঝাৰৰ চৰাইকোলাত বন্ধ সমৰ্থককাৰীসকলে এখন অটোত অগ্নি সংযোগ কৰাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় বঙাইগাঁও অভয়াপুৰীৰ ছফিহুৰ ৰহমান এজন যুৱক৷ চন্দ্ৰপাৰা পথত কোকৰাঝাৰ ইউ এন একাডেমী স্কুলৰ শিক্ষক দৈপায়ান নাৰ্জাৰীৰ মটৰচাইকেলত বন্ধ সমৰ্থনকাৰীয়ে অগ্নি সংযোগ কৰাত মটৰচাইকেলখন ভষ্মীভূত হয়। জ্যেষ্ঠ সাংবাদিক ধনঞ্জয় নাথক একাংশ বন্ধ সমৰ্থকে বেয়াকৈ মাৰ ধৰ কৰাৰ ঘটনাক সহজে লব পৰা নাই ৰাইজে৷
বাতৰি সংগহ কৰিব যোৱাৰ সময়তে একাংশ লোকে মাৰধৰ কৰে সাংবাদিকগৰাকীক৷ কোকৰাঝাৰৰ বিভিন্ন স্থানৰ ৰাজপথত প্ৰতিবাদকাৰী সকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও হাগ্ৰামা মহিলাৰীৰ পুত্তলিকা দাহ কৰে। কোকৰাঝাৰ জিলাৰ বালাজান তিনালী, চৰাইখোলা, চন্দ্ৰপাৰা, কাৰিগাঁওৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথ সমূহত বন্ধ সমৰ্থকসকলে কেবাখনো দুচকীয়া, চাৰিচকীয়া বাহনৰ লগতে আৰু সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ ক্ষতিসাধন কৰে।