গোৰেশ্বৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলামক মঙলবাৰে দুপৰীয়া অচিনাক্ত দুৰ্বৃত্তই কোকৰাঝাৰত গুলীয়াই হত্যা কৰাৰ পিছতে আজি দ্বিতীয় দিনাও প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ ৰাজ্য। বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভোগপুৰত সমুহিয়াভাবে বন্তি প্ৰজ্বলন কৰে প্ৰতিবাদ সাব্যস্ত কৰে এবিএমছুৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে৷ সংখ্যালঘু শিক্ষা বিকাশ সমিতিৰ গোৰেশ্বৰ আঞ্চলিকৰ সহযোগত শতাধিক ৰাইজে সন্ধিয়া ৬-৩০ বজাত ভোগপুৰ চ’কত মম জলাই প্ৰাৰ্থনা কৰে লগতে হত্যাকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনাই।
NNO ৰঙিয়াঃ এবিএমছু সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। বাক্সা জিলাৰ খন্দিকৰত এবিএমছুৰ সদস্যই হাতে হাতে মম লৈ প্ৰতিবাদী সমদল উলিযায়। হত্যাকাৰীক আটক কৰা, উচ্চ পৰ্যায়ৰ তদন্ত কৰা, পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰী দিয়াৰ দাবীত উত্তাল চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰে সংগঠনটোৱে৷