মুছলপুৰঃ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে এবিএমছুৰ নেতৃত্ব৷ সংগঠনটোৰ সভাপতি লাফিকুল ইছলামৰ হত্যা কাণ্ডৰ সাতটা দিন অতিক্ৰম কৰাৰ পাছতো ৰাজ্য চৰকাৰে হত্যাকাৰীক আটক কৰিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে ছাত্ৰ সংগঠনটো৷
ক্ষোভিত সংগঠনটোৰ নেতৃত্বই আজি সমগ্ৰ বিটিএডি অঞ্চলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ এবিএমছুৰ ৫ শতাধিক সদস্যই মুছলপুৰত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ অসম চৰকাৰ হায় হায়, বিটিএডি পৰিষদ হায় হায়, লাফিকুল হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷