দেৰগাঁওঃ মানৱ সম্পদ গঢ়াৰ খনিকৰ শিক্ষক-শিক্ষয়িত্ৰীৰ নিৰপত্তা এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে৷ বিগত বছৰটোত বিশেষকৈ এক বৰ্বৰ তথা পাশৱিক হত্যাকাণ্ডৰ বলি হৈছিল হোজাই জিলাৰ যমুনামুখৰ এগৰাকী শিক্ষয়িত্ৰী৷ বিদ্যালয় ছুটী হোৱাৰ পিছত ঘৰলৈ আহি থকা অৱস্থাতে আদ বাটতে দলৱদ্ধ ধৰ্ষণ কৰি হত্যা কৰি মৃতদেহ কপিলী নৈত উটুৱাই দিয়াৰ দৰে এক জঘন্য কাণ্ড সংঘটিত হৈছিল৷
এই ঘটনাই ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত চাংজুৰাই গাওঁ ইলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্ণমাই বৰা(৫৫)ৰ মৃতদেহ বিয়লি কপিলী নদীত উদ্ধাৰ হয়৷ বছৰটোত যেন সেই ঘটনাৰ পৰাই আৰম্ভ হৈছিল শিক্ষয়িত্ৰীক নিৰ্যাতন কৰাৰ পৰম্পৰা৷ ৰাজ্য চৰকাৰে শিক্ষকৰ ৰাজহুৱাকৈ খতিয়ান তুচ্ছ-তাচ্ছিল্য কৰিব জানে যদিও সুৰক্ষা দিয়াত হে ব্যৰ্থ হৈছে৷