ডিজিটেল ডেস্কঃ প্ৰত্যেক পিতৃ-মাতৃয়ে বিচাৰে নিজৰ সন্তানটো ধুনীয়া আৰু গৌৰ বৰ্ণৰ হোৱাটো৷ কিয়নো আমাৰ সমাজত ক’লা মানেই অসুন্দৰ বুলি ধৰি লোৱা হয়৷ সাধাৰণতে আমাৰ সমাজখনত ক’লা ৰঙৰ মানুহখিনিক দুখীয়া আৰু নীচ জাতিৰ বুলিয়ে গন্য কৰা হয়৷ এয়া আমাৰ মনৰ এক অঘোষিত ধাৰণা হিচাপেই প্ৰতিফলিত হৈ আহিছে৷
কিন্তু এনে এখন ঠায়ো আছে, য’ত বগা হৈ জন্ম লোৱাটো এটা ঘৃণনীয় অপৰাধ বুলি মানি চলা হয়৷ এই অঞ্চলত যদি কোনোবা শিশু গৌৰ বৰ্ণেৰে জন্মগ্ৰহণ কৰে, তেন্তে তাক পৰিয়ালটোৰ বাবে অভিশাপ বুলি ধৰি লোৱা হয়৷ অৱশ্যে এই ঠাই খন আফ্ৰিকা অথৱা নিউজেলেণ্ডত নাই৷ এই ঠাইখন আছে ভাৰতবৰ্ষতে৷
ভাৰতৰ ৰাষ্ট্ৰপতি শাষিত অঞ্চল আন্দামানৰ জাৰৱা নামৰ জনজাতিটোৰ মাজত চলি আহিছে এই পৰম্পৰা৷ এই পৰম্পৰা অনুসৰি জাৰৱা জনজাতি সম্প্ৰদায়ৰ মাজত যদি বগা বৰ্ণৰ সন্তান জন্ম পায়, তেন্তে তাক লগে লগে মাৰি পেলোৱা হয়৷ গাঢ় ক’লা বৰ্ণৰ সম্প্ৰদায়টোৰ মাজত বগা বৰ্ণটো অশুভ বুলি গন্য কৰি অহা হৈছে৷
উল্লেখ্য যে, ৯০ৰ দশকৰ পাছৰ পৰাহে সমাজৰ সতে সম্পৰ্ক গঠন হোৱা জাৰৱা সম্প্ৰদায়ত এতিয়াও বহু কাৰ্য পৰম্পৰা অনুসৰি পালন কৰা হৈ আহিছে৷ সম্প্ৰদায়টোত কোনো শিশুৰ জন্মৰ পাছতে মাতৃ সুলভ স্নেহেৰে সম্প্ৰদায়টোৰ আন আন মহিলা সকলেও দুগ্ধ পান কৰোৱায়৷
ইয়াৰ ফলত পৰিয়াল তথা গাঁওবাসীৰ শ্ৰী বৃদ্ধি ঘটে বুলি বিশ্বাস কৰা হয়৷ আনহাতে এই সম্প্ৰদায়ত যদি কোনো নাৰীৰ সন্তান প্ৰসৱ কৰাৰ আগতেই স্বামীৰ বিয়োগ ঘটে অথৱা স্বামী যদি আন সম্প্ৰদায়ৰ হয়, তেন্তে সন্তান প্ৰসৱ কৰাৰ পাছত সন্তানটো মাৰি পেলোৱাৰ নিয়ম আছে৷
শতিকা ধৰি পালন কৰি অহা পৰম্পৰাৰে এতিয়াও আন্দামানৰ জাৰৱা জনজাতি জংঘলী জনজাতি হিচাপে খ্যাত৷ এই জনজাতি বসবাস কৰা এলেকাত আন লোকৰ প্ৰৱেশ কৰিবলৈ দিয়া নহয়৷ খেতি আৰু চিকাৰেৰে জীৱিকা নিৰ্বাহ কৰা জনজাতিটোৰ কেতবোৰ নিয়ম সময়ৰ সোতত লাহে লাহে বদলি হৈছে যদিও এতিয়াও জাৰৱা জনজাতি বিশ্বৰ ভিতৰতে অন্যতম আদিম জনজাতি হিচাপেই খ্যাত৷