কোকৰাঝাৰঃ বড়ো জাতীয় নেতাৰ নেতৃত্বত বড়ো জাতীয়ে দীৰ্ঘ সময় ধৰি সুকীয়া ৰাজ্যৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বছৰ বছৰ ধৰি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ কালৰ পৰাই প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও বিটিএডি গঠনৰ পিছত সুকীয়া ৰাজ্যৰ দাবীত প্ৰতিবাদে বিশেষ মাত্ৰা লাভ কৰে৷ 

তাৰ মাজতে যোৱা লোকসভা নিৰ্বাচনত বৰ্তমানৰ শাসকীয় দল বিজেপিয়ে বড়ো জাতিৰ সকলো সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছিল৷ বিটিএডি এলেকাত অনুষ্ঠিত হোৱা প্ৰতিখন সভাত বিজেপিৰ ৰাষ্ট্ৰীয় নেতাই বড়ো জাতিৰ দাবী পূৰণ কৰাৰ আশ্বাস দিছিল৷ কিন্তু বড়ো জনগোষ্ঠীয়ে উত্থাপন কৰা সমস্যা সমূহৰ ৰাজনৈতিক সমাধান কৰাৰ পৰিৱৰ্তে আজিলৈ আলোচনাই নহ’ল বুলি বড়ো নেতাই অভিযোগ উত্থাপন কৰে৷

বড়ো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ প্ৰতিবাদ বাৰে বাৰে কৰি আহিছে৷ প্ৰতিদিনে ৰাজ পথ উত্তাল হ’ব ধৰিছে৷ তাৰ মাজতে বৃহস্পতিবাৰে শ-শ বড়ো যুৱকে ৰাজ পথলৈ ওলাই আহি মূৰৰ চুলি খুৰুৱাই পেলায়৷ মূৰৰ চুলি খুৰুৱাই বড়ো যুৱকে প্ৰতাৰণা দিৱস পালন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমূহীয়া ভাৱে মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

পৃথক বডোলেণ্ড শীঘ্ৰে গঠন কৰা, চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা, প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলক ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা আৰু কাৰ্বি আংলংত বসবাস কৰা বড়োসকলক অনুসূচীত পাৰ্বত্য জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনাই এবছুৱে।

এবছুৰ সভাপতি প্ৰমোদ বড়োই অংশগ্ৰহণ কৰি বিজেপিক ভোট দিয়াটো ভুল আছিল নেকি প্ৰশ্ন উত্থাপনেৰে চৰকাৰৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে। 

পৃথক বড়োলেণ্ড গঠন নোহোৱা পৰ্যন্ত আন্দোলন তীব্ৰতৰ ৰূপত গঢ়ি তোলা হ’ব বুলি মন্তব্যৰে প্ৰমোদ বড়োই চৰকাৰে অহিংসাৰ ভাষা নুবুজে বুলিও মন্তব্য কৰি অহা ২ মে’ৰ পৰা পাঁচদিনীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োই। 

তদুপৰি মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰমোদ বড়োই নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মানুহৰ সেৱাৰ কাৰণে, জাতি জনগোষ্ঠীৰ বাবে চিন্তা কৰিব পৰা ক্ষমতা নাথাকিলে ১০০জন মন্ত্ৰী বঢ়ালেও ৰাজ্যত শান্তি ঘূৰি নাহিব বৰং খৰছ হে বাঢ়িব বুলি কটাক্ষ কৰে।