কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নিকটৱৰ্তী জাংকৃথাই পথাৰত অাজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৪৯ সংখ্যাক বাৰ্ষিক অধিৱেশন আৰু সোণালী জয়ন্তী উদযাপন বৰ্ষৰ অধিৱেশনথলী প্ৰথম দিনাই লোকাৰণ্য হৈ পৰে ।

অতি সুশৃংখলিতভাৱে কাৰ্যসূচী অনুসৰি সময়ৰ হেৰফেৰ নোহোৱাকৈ অধিৱেশন পৰিচালনা কৰা এবছুৰ ৪৯ সংখ্যাক বাৰ্ষিক অধিৱেশন তথা সোণালী জয়ন্তী বৰ্ষ উদযাপনথলীত আজি দেশৰ বিভিন্ন প্ৰান্তৰ নেতাৰ  লগতে ৰাজ্যৰ কেবাগৰাকী ছাত্ৰ সংগঠনৰ নেতা, বুদ্ধিজীৱি, বিশিষ্ট সাংবাদিক-অতিথিৰ অাগমন ঘটে । কোকৰাঝাৰৰ জাংকৃথাই পথাৰত অায়োজিত হোৱা এবছুৰ অধিবেশন তথা সোণালী জয়ন্তী বৰ্ষ উদযাপন আনুষ্ঠানিকভাৱে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে উদ্বোধন কৰাৰ বিপৰীতে এবছুৰ সভাপতি প্ৰমোদ বড়োই বন্তি প্ৰজ্বলনেৰে অধিৱেশনৰ শুভাৰম্ভ কৰে । 

সময়মতে পাঠ্যপুথি যোগান ধৰিব নোৱাৰা চৰকাৰে পৰিবৰ্তনৰ কথা কোৱাটো লজ্জাজনক : দীপাংক কুমাৰ নাথ

এবছুৰ ৪৯ সংখ্যাক বাৰ্ষিক অধিৱেশন তথা সোণালী জয়ন্তী বৰ্ষ উদযাপন অানুষ্ঠানিকভাৱে উদ্বোধন কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে উদ্বোধনী ভাষণত এবছু আৰু আছুৰ দীঘলীয়া মধুৰ সম্পৰ্কৰ কথা উল্লেখ কৰি ভৱিষ্যতেও এবছু আৰু আছুৰ দৃঢ়তাভৰা সম্পৰ্ক অব্যাহত থাকিব বুলি ঘোষণা কৰে । এবছুৰ জাতিপ্ৰেম আৰু বড়োজাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এবছুৰ যি দূৰ্নিবাৰ প্ৰয়াস সেয়া প্ৰশংসা কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে বাংলাদেশী বিতাড়ণ, এনআৰচি উন্নীতিকৰণ , নদীবান্ধ আদিকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত এবছুকে ধৰি ২১টা সংগঠনৰ যৌথ মঞ্চই সংগ্ৰাম অব্যাহত ৰাখিব বুলি সদৰী কৰে ।

পৃথক ৰাজ্য গঠনৰ দাবীত সংগ্ৰাম কৰা সকলো দল-সংগঠন ঐক্যবদ্ধ হওঁক: শ্ৰীহৰি আন

ৰাজ্যৰ মাতৃভাষা বিদ্যালয়ত চৰকাৰে অদ্যপি বিনামুলীয়া পাঠ্যপুথিৰ যোগান ধৰিব নোৱাৰাটো চৰকাৰৰ চৰম ব্যৰ্থতা বুলি উল্লেখ কৰি দীপাংক কুমাৰ নাথে কয় যে যিখন চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথিয়ে সময়মতে যোগান ধৰিব নোৱাৰে , সেইখন চৰকাৰে আকৌ পৰিবৰ্তনৰ কথা কোৱাটো নিতান্তই লজ্জাজনক । সকলো উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নতিসাধন কৰিবলৈ বাজেটত উল্লেখ নকৰাত ক্ষোভ প্ৰকাশ কৰি কৰি আছুৰ সভাপতি গৰাকীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীক উন্নত কোচিং কৰিবলৈ ৫ লাখকৈ অৰ্থসাহায্য প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী উত্থাপন কৰিছে ।

ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক কটু সমালোচনা কৰি যি গৰাকী বুদ্ধিজীৱিৰ ৰাজ্যৰ ভৌগলিক পৰিসীমাৰ জ্ঞান নাথাকে তেনে বুদ্ধিজীৱি নিপাত যোৱাই ভাল বুলি মন্তব্য কৰি এবছুৰ অধিবেশনৰ অন্তিম দিনা অৰ্থাৎ ১৫ ফেব্ৰুৱাৰীত সংগঠন এটাই নামনি অসম বন্ধ দিয়াক লৈয়ো নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অাছুৰ সভাপতি দীপাংক কুমাৰ নাথে ১৫ ফেব্ৰুৱাৰীৰ আহ্বায়িত বন্ধ উঠাই লবলৈ আহ্বান জনায় ।

ইপিনে উদ্বোধনী অনুষ্ঠানত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মহাধিবক্তা তথা সুকীয়া বিদৰ্ভ ৰাজ্য গঠন দাবী আন্দোলনৰ নেতা শ্ৰীহৰি আনে নিজ ভাষণত বিদৰ্ভ আন্দোলনৰ সতে বড়োলেণ্ড আন্দোলনৰ মিল আছে বুলি উল্লেখ কৰি আন্দোলন সদায় অহিংস নীতিৰ আধাৰত কৰা উচিত বুলি মন্তব্য কৰে ।

অসমৰ পৰা সকলো জাতিয়ে পৃথক ৰাজ্য লাভ কৰিলে অথচ দীৰ্ঘ আন্দোলনৰ পিছতো বড়োসকলে পৃথক ৰাজ্য নোপোৱাত আক্ষেপ প্ৰকাশ কৰি শ্ৰীহৰি আনে তেলেংগানা গঠন হোৱাৰ সময়ত ১২০০ শ্বহীদ হৈছিল অথচ বড়োলেণ্ড আন্দোলনত অতি কমেও ৫০০০ শ্বহীদ হোৱাৰ পিছতো চৰকাৰে বিষয়টোত গুৰুত্ব নিদিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে । চৰকাৰৰ বৈষম্যৰ বাবেই উন্নয়নত অসমতাৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি পৃথক ৰাজ্য গঠনৰ বাবে যিসকল দল-সংগঠনে আন্দোলন অব্যাহত ৰাখিছে সকলোকে একগোট হবলৈ আহ্বান জনাই ঐক্যবদ্ধতাৰে সংগ্ৰাম কৰি দিল্লী কপোঁৱাৰ  পোষকতা কৰিছে  পৃথক বিদৰ্ভ ৰাজ্য গঠন দাবী আন্দোলনৰ নেতা শ্ৰীহৰি আনে ।

আনহাতে নিদিষ্ট বক্তাৰ ভাষণত দিল্লী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মূৰব্বী অধ্যাপক ড° ৰমেশ ভৰদ্বাজে আজিলৈকে বড়োজাতিয়ে যিখিনি লাভ কৰিছে সেয়া এবছুৰ বাবেই সম্ভৱ হোৱা বুলি সদৰি কৰিছে । সকলো বড়ো সংগঠনৰ মাতৃ সংগঠন হ'ল এবছু  আৰু এবছু যদিহে দূৰ্বল হয় তেনেহলে বড়োজাতি অন্ধকাৰত বুৰ যাব বুলি উল্লেখ কৰি শ্ৰীহৰি আনে এবছুৰ দৰে সংগঠনক চিৰদিনে শক্তিশালী কৰি ৰাখিবলৈ আহ্বান জনায় ।

অান্দোলন সদায় অহিংসা নীতিৰ অাধাৰত হ'ব লাগে : ৰমেশ

আজিৰ উদ্বোধনী অনুষ্ঠানত আছুৰ সহ সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মহাধিবক্তা তথা পৃথক বিদৰ্ভ ৰাজ্য গঠন দাবী আন্দোলনৰ নেতা শ্ৰীহৰি আনে , এনডিএফবি(প্ৰ)ৰ অধ্যক্ষ ধীৰেন বড়ো , বুদ্ধিজীৱি-সাংবাদিক অদীপ ফুকন , সাংবাদিক ক্ৰমে পৰাগমণি আদিত্য , মাইনী মহন্ত , মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ পৰমানন্দ চায়েংগীয়া , ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম , লোকসভাৰ প্ৰাক্তন সাংসদ চানচুমা খুংগুৰ বৈছুমুথিয়াৰী , চাওতাল ছাত্ৰ সন্থাৰ সভাপতি চাইমন কিস্কু আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে কেবা সহস্ৰাধিক জনতাই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰণ কৰে ।

উল্লেখ্য যে  ইয়াৰ পূৰ্বে পুৱা ৮ বজাত সোণালী জয়ন্তীৰ মূল তোৰণ উদ্বোধন কৰে জনতা কলেজৰ অধ্যক্ষ ড° সুবুং বসুমতাৰী, ৯ বজাত অৰুপ গৌৰা বসুমতাৰী স্মৰণীয় প্ৰতিনিধি শিৱিৰ মুকলি কৰে কোকৰাঝাৰ কলেজৰ অধ্যক্ষ ড° বিনয় কুমাৰ ব্ৰহ্ম, ৯:১৫ বজাত নীলকমল ব্ৰহ্ম প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা মুকলি কৰে বিটিচিৰ মুখ্য সচিব বি চি ফুকন, ৯:৩০ বজাত গাৰ্লা বাথা বসুমতাৰী সেচ্ছাসেৱক শিবিৰ মুকলি কৰে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে । দুপৰীয়া ১২:১৫বজাৰ পৰা আৰম্ভ হয় প্ৰতিনিধি আৰু পৰ্যবেক্ষকৰ পঞ্জীয়ন । কাইলৈ অৰ্থাৎ অধিবেশনৰ দ্বিতীয়দিনা বিয়লি ৩ বজাত অনুষ্ঠিত হ'ব "ষ্টুডেণ্টচ কনক্লেভ" য'ত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰিব ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কমল মল্ল বুজৰবৰুৱা ।