কোকৰাঝাৰঃ প্ৰাথমিক শিক্ষা শক্তিশালী নহ'লে জাতীয় জীৱন, জীৱন ধাৰা কেতিয়াও শক্তিশালী নহয় । সমগ্ৰ অসমত ৬০০০ তকৈ অধিক মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত এজনীয়া শিক্ষকৰে পাঠদান চলি আছে । প্ৰাথমিক শিক্ষাই যদি শক্তিশালী নহয় তেনেহলে জাতীয় জীৱনৰ ভেটি কেনেকৈ শক্তিশালী হ'ব ? এই মন্তব্য প্ৰকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ।

কোকৰাঝাৰ সদৰ চহৰৰ জাংকৃথাই পথাৰত কালিৰে পৰা অনুষ্ঠিত হোৱা এবছুৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশন তথা সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আজি দ্বিতীয়দিনৰ কাৰ্যসূচী " ছাত্ৰ-অভিবৰ্তনত " উদ্বোধক হিচাপে অংশগ্ৰহণ কৰি  আছুৰ মুখ্য উপদেষ্ঠা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই উক্ত মন্তব্য প্ৰকাশ কৰি প্ৰাক প্ৰাথমিক - প্ৰাথমিক বিদ্যালয়ৰ আন্ত:গাঁথনি উন্নতিকৰণ , ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তি , পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ , ৰাজ্যিক শিক্ষা ব্যৱস্থা আকৰ্ষণীয় কৰা আৰু বিদ্যালয় মূল্যাংকন আয়োগ গঠন কৰিবলৈ দাবী উত্থাপন কৰিছে ।

অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব অব্যাহত থাকিবই লাগিব : সমুজ্জ্বল

শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ এমাহ উকলি যোৱাৰ পিছতো চৰকাৰে অদ্যপি বিনামুলীয়া পাঠ্যক্ৰম যোগান ধৰিব নোৱাৰাটো অক্ষমণীয় অপৰাধ বুলি মন্তব্য কৰি আছুৰ উপদেষ্ঠাগৰাকীয়ে দায়িত্ব পালনৰ বাবে সদিচ্ছাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে । ইচ্ছা-নিষ্ঠা - চেষ্ঠা থাকিলেহে লক্ষ্যত উপনীত হব পাৰি বুলি মন্তব্যৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমৰ প্ৰতিভাৱান ৰূপজ্যোতি ব্ৰহ্ম , নয়নজ্যোতি শৰ্মা , পাঞ্চালী গোস্বামী , ডেনিয়েলহঁতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যাবলৈ ছাত্ৰ সমাজৰ প্ৰতি আহ্বান জনায় ।  

অসমত আইআইএম , ঔষধি গছৰ ওপৰত গৱেষণা প্ৰতিষ্ঠান , ব্ৰহ্মপুত্ৰ গৱেষণা প্ৰতিষ্ঠান , কুশলী হৈ আত্মসংস্থাপনৰ বাট মোকোলোৱা অনুষ্ঠান স্থাপনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত মত দাঙি ধৰি পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । নিজৰ ভাষণত ভট্টাচাৰ্যই এবছুক অসমৰ একমাত্ৰ সুশৃংখলিত অাৰু শক্তিশালী সংগঠন বুলি অভিহিত কৰি এবছুৰ নিৰবচ্ছিন্ন সংগ্ৰামৰ ফলতেই বড়ো মাধ্যমৰ শৈক্ষিক উত্তৰণ ঘটিছে বুলি মত প্ৰকাশ কৰে । আনহাতে হিন্দু বাংলাদেশী সন্দৰ্ভত নিজ মতামত দাঙি ধৰি সমুজ্জ্ব কুমাৰ ভট্টাচাৰ্যই অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিবই লাগিব আৰু হিন্দু বাংলাদেশীক প্ৰতিৰোধ কৰিবলৈ ২৮টা সংগঠনৰ যৌথ মঞ্চই সংগ্ৰাম অব্যাহত ৰাখিব বুলি মন্তব্য কৰিছে ।

সভাত উপস্থিত থকা আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে নিজ ভাষণত এবছুৱে সদায়ে বড়ো জাতিৰ নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে বুলি মন্তব্যৰে এবছু অবিহনে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন আধাৰুৱা বুলি মন্তব্য কৰিছে । আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে কয় যে এবছু আৰু আক্ৰাছুৱে পৃথকে পৃথকে নিজ নিজ সাংবিধানিক অধিকাৰৰ দাবীত আন্দোলন কৰি আহিছে যদিও স্বগোষ্ঠীয় তথা জনগোষ্ঠীয় মিলাপ্ৰীতি অতীততো অটুট আছিল আৰু ভৱিষ্যতেও অটুট থাকিব । এবছু আৰু আক্ৰাছুৱে পৰস্পৰে পৰস্পৰক সহায় সহযোগিতা আগবঢ়াই নিজ নিজ সাংবিধানিক অধিকাৰ প্ৰাপ্তিৰ বাবে আন্দোলনৰ পোষকতা কৰিছে আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে । আদৰণি ভাষণত এবছুৰ সভাপতি প্ৰমোদ বড়োই পৰিবৰ্তন বিচাৰিলে শিক্ষাক অগ্ৰাধিকাৰ দিবই লাগিব বুলি মত প্ৰকাশ কৰে । অবৈধ অস্ত্ৰমুক্ত , উগ্ৰবাদমুক্ত সমস্যাৰে জৰ্জৰিত সমস্যাৰ পৰা মুক্তি পাবলৈ হলে শিক্ষা অতি জৰুৰী বুলি মন্তব্যৰে প্ৰমোদ বড়োই সকলোকে শিক্ষাৰ প্ৰতি ধ্যান দিবলৈ অাহ্বান জনাইছে ।

কোকৰাঝাৰৰ জাংকৃথাই পথাৰত এবছুৰ দ্বিতীয় দিনৰ কাৰ্যসূচী "ছাত্ৰ অভিবৰ্তন''ৰ মুকলি সভাত বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱা , আগছুৰ সভাপতি প্ৰেম তামাং, আছুৰ সহকাৰী সাধাৰণ সম্পাদক  নৱজ্যোতি ৰায়কে ধৰি ছাত্ৰ সংগঠনৰ বহু নেতা উপস্থিত থকাৰ লগতে প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম , বিটিচিৰ নিৰ্বাচিত সদস্য ক্ৰমে গুণেশ্বৰ গয়াৰী , ৰৌণগৌৰা নাৰ্জাৰী ধৰি বহু নেতাই অংশগ্ৰহন কৰে । 

ইপিনে ইয়াৰ পূৰ্বে কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৭:১৫ বজাত এবছুৰ পতাকা উত্তোলন কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োই ।পুৱা ৭:৪৫ বজাত ছহীদলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে এবছুৰ প্ৰতিষ্ঠাপক ৰঞ্জিত কুমাৰ বৰগয়াৰীয়ে ।তদুপৰি শিক্ষা , স্বাস্থ্য , ভাষা, পৰিৱেশ , ৰাজনৈতিক অধিকাৰ , মাটিৰ অধিকাৰ , মানৱ অধিকাৰ, মহিলা সবলীকৰণ আদিকে ধৰি ১৬ টা ভিন ভিন বিষয়ৰ ওপৰত আলোচনাচক্ৰ অনুষ্ঠিত হয় যত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেবাগৰাকী সমল ব্যাক্তিয়ে অংশগ্ৰহণ কৰাৰ লগতে আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়েও অংশগ্ৰহণ কৰে । উল্লেখ্য যে আজি দ্বিতীয় দিনাও এবছুৰ অধিবেশনথলী লোকাৰণ্যত পৰিণত হয় আৰু সকলো জাতি জনগোষ্ঠীৰ লোকে অধিবেশনত উপস্থিত থকাত জাংকৃথাই পথাৰ মিলনথলীলৈ ৰূপান্তৰিত হয় ।