কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰীত শনিবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ ৪৯ তম অধিবেশন আৰু অভিভক্ত গোৱালপাৰা জিলা এবছুৰ সোণালী জয়ন্তী অধিবেশন।
সোণালী জয়ন্তী অধিবেশনৰ প্ৰথমদিনৰ কাৰ্যসূচী অনুসৰি অধিবেশনৰ মূল তোৰণ উদ্ধোধন কৰে কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্বজেন্দ্ৰ ব্ৰহ্মই। এনেদৰে স্বৰ্গীয় মানিক কুমাৰ ব্ৰহ্ম সোঁৱৰণী মূল মঞ্চ উদ্ধোধন কৰে ৮নং দোতমা বি টি চি পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্য যতীৰিন্দ্ৰ ব্ৰহ্মই।