কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠন আৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়ো সকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত সোমবাৰে ৰাজ্যৰ কুৰিটাতকৈ অধিক স্থানত পুনৰ বাৰৰ বাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰে নিখিল বড়ো ছাত্ৰ সন্থা(এবছু), এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমে।
পৃথক বড়োলেণ্ড গঠন আৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসৱাস কৰা বড়ো সকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষাৰ দাবীত সোমবাৰে পুৱা ১০ বজাৰ পৰা সংগঠন তিনিটাৰ সহস্ৰাধিক কৰ্মী সদস্যই ৰাজ্যৰ কুৰিটাতকৈ অধিক মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত তিনিঘন্টীয়া ধৰ্না কাৰ্যসূচী পালন কৰাৰ সমান্তৰালভাৱে তেজেৰে প্ৰায় পঞ্চাশ হেজাৰ টীপ চহী স্বাক্ষৰেৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে৷