60
চিৰাংঃ আমাক লাগে বড়োলেণ্ড৷ বড়োলেণ্ড আমাক লাগিবই৷ আমাৰ ভূমি আমাক লাগিবই৷ এই ভূমি আমাৰ ভূমি৷ এই জুই জ্বলিছে, জ্বলিবই৷ এই শ্ল’গান আওৰাই বিটিএডিৰ চিৰাং জিলাত আকাশ-বতাহ কপাই হাজাৰ লোকে৷ বৃহস্পতিবাৰে সুকীয়া বড়োলেণ্ড ৰাজ্যৰ দাবীত হাজাৰ হাজাৰ লোক সমৱেত হ’ল চিৰাং জিলাৰ কাজলগাঁৱত আৰু উত্তাল কৰিলে ৰাজ পথ৷ কাজলগাঁৱৰ পৰা ৩১নং ৰাষ্ট্ৰীয় ঘাই পথেৰে ১৫ কিঃ মি পথ সমদল কৰি আৱাল, বৃদ্ধ বনিতা সহ হাজাৰ হাজাৰ লোকে উত্তাল কৰিলে ৰাজপথ৷
