54
কোকৰাঝাৰঃ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে হৰিশংকৰ ব্ৰহ্ম সমিতিয়ে প্ৰকাশ কৰা ভূমি সম্পৰ্কীয় প্ৰতিবেদনক লৈ বিৰূপ মন্তব্যক প্ৰদান কৰাত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে গৰিহণা দি বিধায়ক গৰাকীৰ মন্তব্যক অসাংবিধানিক আখ্যা দিছে ৷
আজি এক প্ৰেছ বিবৃতিযোগে এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত এগৰাকী জনপ্ৰতিনিধিৰ মুখত এনেধৰনৰ কথা বাহিৰ হোৱাটো গণতন্ত্ৰৰ বাবে চৰম দুৰ্ভাগ্যজনক বুলি কয়৷