newsnextone.com | কোকৰাঝাৰঃ ডিজিটেল ব্যৱস্থাই ব্যাপক প্ৰসৰতা লাভ কৰাৰ সময়তে ডিজিটেল প্ৰতিবাদো আৰম্ভ হৈছে দেশত৷ মঙলবাৰে এবছুৱে কৰিছে ডিজিটেল প্ৰতিবাদ৷ পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত এবছুৱে সময়ে সময়ে গ্ৰহণ কৰা অগতানুগতিক কাৰ্যসূচীৰ পিছত এইবাৰ এবছু, এনডিএফবি(প্ৰ) আৰু পিপলচ্ জইন্ট এক্সন কমিটী ফৰ বড়োলেণ্ড মুভমেণ্ট চমুকৈ পিজেএচিবিএমে যৌথভাৱে পৃথক বড়োলেণ্ড গঠনৰ দাবীত আৰম্ভ কৰিছে ই-মুভমেণ্ট কাৰ্যসূচী।
ৰাজ্যত পোণ প্ৰথমবাৰৰ বাবে ই-মুভমেণ্ট কাৰ্যসূচীৰে পৃথক ৰাজ্য গঠনৰ দাবীত পুনৰ আন্দোলন আৰম্ভ কৰা এবছুৱে অৰ্ধ শতাধিক লেপটপৰে ই-মেইলযোগে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ লগতে লোকসভাৰ বিৰোধী দলপতিক পৃথক বড়োলেণ্ডৰ দাবীত ধাৰাবাহিকভাৱে আবেদন জনাব। মুলত ডিজিটেল ইণ্ডিয়াৰ শ্ল’গান আওঁৰোৱা বিজেপি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে কোকৰাঝাৰ সদৰ চহৰত আৰম্ভ হোৱা ই-মুভমেণ্ট কাৰ্যসূচীত ধাৰাবাহিকভাৱে ই মেইলেৰে পৃথক বড়োলেণ্ডৰ দাবীত আৱেদন পঠোৱা হয়।