কাছাৰঃ সততে শিক্ষা বিভাগৰ গাফিলতিৰ বাবে শিক্ষা মন্ত্ৰীক সমালোচনা কৰা দেখা যায়। শিক্ষা বিভাগৰ পৰিবৰ্তনৰ বাবে শিক্ষা মন্ত্ৰীগৰাকীৰ লগতে শিক্ষক-বিষয়া-কৰ্মচাৰী-পৰিদৰ্শকো সজাগ হ’ব লাগিব৷
শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকক পৰিবৰ্তন কৰাৰ চেষ্টা কৰি থকাৰ সময়তে কাছাৰ জিলাৰ কাটিগড়াৰ একাংশ বিদ্যালয়ৰ শিক্ষক সময় মতে উপস্থিত নথকাৰ অভিযোগ বহু দিনীয়া৷ তাৰ মাজতে এবিভিপিয়ে আজি ভাৰত-বাংলাদেশ সীমান্তৰ কাটিগড়াৰ ৰাজাটিলা উচ্চ মাধ্যমিক বিদ্যালয়ত অভিযান চলায়।