তেজপুৰঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৰাষ্ট্ৰীয়তাবাদী চিন্তা-চৰ্চাৰে দেশ গঠন প্ৰক্ৰিয়াক সহায় কৰাৰ লগতে প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। দেশ পুনৰ নিৰ্মাণ, দেশৰ ভৱিষ্যত সম্পদ নিৰ্মাণৰ দ্বাৰা অহৰ্নিশে কাম কৰি যোৱাৰ বাবে সংগঠনটোৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে তৃণমূল পৰ্যায়ত কাম কৰিবলৈ বদ্ধপৰিকৰ হৈছে। সংগঠনটোৱে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত দলৰ স্থিতি শক্তিশালী কৰাত মনোনিৱেশ কৰিছে। এই মন্তব্য ভেংকট দেৱ মহন্তৰ৷
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা সংযোজক ভেংকট দেৱ গোস্বামীয়ে বিহগুৰিত অনুষ্ঠিত সংগঠনটোৰ এখন বিশেষ সভাত অংশ লৈ ছাত্ৰসকল ভৱিষ্যত নাগৰিক, এইসকল শিক্ষাৰ্থীক আজি যদি দেশপ্ৰেমৰে উদ্বুদ্ধ কৰিব পৰা নাযায় তেন্তে দেশখন এটা কু-সংস্কাৰাচ্ছন্ন প্ৰজন্মৰ হাতত বিপদাপন্ন হ’ব বুলি কয়।