Home ৰাজ্যপাঠ্যপুথি অবিহনেই আৰম্ভ শিক্ষাবৰ্ষ

পাঠ্যপুথি অবিহনেই আৰম্ভ শিক্ষাবৰ্ষ

by News Desk
59 views
A+A-
Reset

২০১৭ চনৰ ১ জানুৱাৰীৰ পৰা ৰাজ্যখনত নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে যদিও কোকৰাঝাৰ জিলাত অদ্যপি সৰহসংখ্যক বিদ্যালয়ে বিনামূলীয়া পাঠ্যপুথি লাভ নকৰাত শিক্ষাৰ্থীসকল ভীষণ সমস্যাৰ সন্মুখীন হৈছে । কোকৰাঝাৰ জিলাত থকা ৪০ টা ক্লাষ্টাৰৰ ভিতৰত মাথো কেইটামান ক্লাষ্টাৰেহে বিনামূলীয়া পাঠ্যপুথি লাভ কৰিছে যদিও সেয়াও পৰ্যাপ্ত নোহোৱাত শিক্ষাবৰ্ষ আগুৱাই নিয়াত শিক্ষক -শিক্ষয়িত্ৰীসকল বাধাৰ সন্মুখীন হৈছে । পাঠ্যপুথি অৱিহনেই বৰ্তমান প্ৰাথমিক বিদ্যালয়সমুহত শিক্ষক-শিক্ষয়িত্ৰীসকলে পাঠদান কাৰ্য অব্যাহত ৰখাত বাৰুকৈয়ে ক্ষতিগ্ৰস্থ হৈছে ছাত্ৰ-ছাত্ৰীসকল ।

এই সন্দৰ্ভত আজি সংবাদ মাধ্যমলৈ পৃথকে পৃথকে প্ৰেৰণ কৰা বিবৃতিত আছুৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায় আৰু এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰীয়ে শিক্ষাক লৈ চৰকাৰৰ হেতালি খেলা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে । এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰীয়ে কয়  শেহতীয়াকৈ ৰাজ্যৰ বিদ্যালয় সমুহত পাঠদান আৰম্ভ হৈছে যদিও চৰকাৰে গৰিষ্ঠসংখ্যক বড়ো মাধ্যম বিদ্যালয়ত পাঠ্যপুথি যোগান ধৰা নাই । যি কমসংখ্যক বিদ্যালয়ে পাঠ্যপুথি লাভ কৰিছে সেয়াও পৰ্যাপ্ত নহয় বুলি মন্তব্য কৰি চৰকাৰৰ খামখেয়ালীক কঠোৰ ভাষাৰে সমালোচনা কৰে । এবছুৱে যি সময়ত গুণগত শিক্ষাৰ বাবে সজাগতা অভিযান  চলাই আছে আৰু চৰকাৰেও শিক্ষাখণ্ডক অগ্ৰাধিকাৰ দিছে তেনে সময়তে চৰকাৰে ছাত্ৰ ছাত্ৰী সকলৰ সৈতে হেতালি খেলি শিক্ষাৰ দৰে মৌলিক অধিকাৰ খৰ্ব কৰাটো অন্যায় বুলি মন্তব্যৰে ছাত্ৰ নেতা গৰাকীয়ে গুনগত শিক্ষা নিশ্চিত কৰাৰ বাবে শীঘ্ৰে সমগ্ৰ ৰাজ্যত পাঠ্যপুথি বিতৰন সুচাৰুৰূপে সম্পন্ন কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৷
ইপিনে আছুৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পিছতো পাঠ্যপুথি সংক্ৰান্ত খেলি-মেলিক চৰকাৰৰ বিফলতা বুলি উল্লেখ কৰিছে । শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই বিনামুলীয়া পাঠ্যপুথি বিতৰণ কৰাটো চৰকাৰৰ দায়িত্ব আছিল বুলি মন্তব্যৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা কাৰ্য আছুৱে কোনোপধ্যে সহ্য নকৰে আৰু ইয়াৰ বিৰুদ্ধে আছুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰিব বুলি সকীয়াই দি অতি কম সময়ৰ ভিতৰতে ছাত্ৰ-ছাত্ৰীক বিনামুলীয়া পাঠ্যপুথি যোগান ধৰিবলৈ আহ্বান জনাইছে । 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0