newsnextone.com | গোৱালৰপাৰাঃ গোৱালপাৰাৰ ভালুকডুবিত আজি দুপৰীয়া প্ৰায় ১২ বজাত ধুবুৰীমুখী এখন আল্ট্ৰা বাছ আৰু যাত্ৰীবাহী টেম্প’ৰ মাজত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। বাছ আৰু টেম্প’ৰ মুখামুখি সংঘৰ্ষটোত টেম্প’খনৰ চালকসহ দুজনকৈ থিতাতে নিহত হোৱাৰ লগতে টেম্প’খনত থকা আটাইকেইজন যাত্ৰী গুৰুতৰভাৱে আহত হয়। তাৰে চাৰিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, এ-এছ-১৭বি-৯৩১৩ নম্বৰৰ তীব্ৰবেগী আল্ট্ৰা বাছখন গোৱালপাৰাৰ পৰা যাত্ৰী কঢ়িয়াই ধুবুৰীলৈ গৈ থকা অৱস্থাত আগিয়াৰ পৰা যাত্ৰী কঢ়িয়াই আহি থকা এএছ-১৮চি-২৩৩৭ নম্বৰৰ বিপৰীতমুখী টেম্প’ৰ লগত মুখামুখি সংঘৰ্ষ হয়। লগে লগে অঞ্চলটোত এক হুৱা দুৱা পৰিবেশ বিৰাজ কৰে আৰু ৰাস্তাত শ শ যান বাহন আবদ্ধ হৈ পৰে। খবৰ পোৱা মাত্ৰকে গোৱালপাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰাৰ লগতে ৰাস্তা মুকলি কৰি দি যানবাহন চলাচল কৰাৰ সুবিধা কৰি দিয়ে।

ঘটনাটোত টেম্প’ চালক দেবজিৎ সৰকাৰ আৰু পশ্চিম গোৱালপাৰাৰ হাতীশিলা গাঁৱৰ ধৰণীকান্ত ৰাভা থিতাতে নিহত হয়। ভয়াৱহ দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে গোৱালপাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত দুজনক উদ্ধাৰ কৰে আৰু আহতসকলক চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা গুৰুতৰভাৱে আহত দুৰ্ঘটনাগ্ৰস্ত টেম্প’খনৰ যাত্ৰীসকল হ’ল ক্ৰমে- বৰঝৰা ঠাকুৰভিলাৰ অনিলচন চাংমা আৰু তেওঁৰ পত্নী ডেডিলা মোমিন, পশ্চিম গোৱালপাৰাৰ মৌখোৱা-হাতীশিলাৰ ভাগ্যশ্বৰ ৰাভা, ফজল হক আৰু ১৫২ নং চি আৰ পি এফৰ জোৱান এম এছ গাইডৰ।

চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা গুৰুতৰভাৱে আহত আন এজন গাৰো সম্প্ৰদায়ৰ ব্যক্তি এজনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।আহতসকলৰ অধিকাংশৰে অৱস্থা সংকটজনক। চিআৰপিএফৰ জোৱানজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ লগতে বাতৰি প্ৰেৰণ কৰালৈকে কেইবাজনকো গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাই আছে হস্পতাল কৰ্তৃপক্ষই। উক্ত দুৰ্ঘটনাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।