57
newsnextone.com | পশ্চিম নলবাৰীঃ নলবাৰী জিলাৰ বৰঝাৰত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘতিত হয়। দুৰ্ঘটনাৰ ফলত এগৰাকী ৭০ বৰ্ষীয় মহিলা নিহত হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলায়৷
ঘটনাৰ বিৱৰণী মতে, বৰঝাৰ বাছ আস্থানত স্বামী লক্ষী কলিতাই পত্নী নিৰুপমা কলিতাৰ সৈতে বাছৰ পৰা নামৰ সময়তে এখন তীব্ৰবেগী মটৰ বাইকে আহি খুন্দা মাৰে৷ ফলত সংকটজনক অৱস্থাত মহিলাগৰাকীক নলবাৰীৰ নলবাৰী সাৰথি হস্পিটালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।