newsnextone.com | শিৱসাগৰঃ শিৱসাগৰত দিখৌ নদীৰ দিছিয়াল ঘাটত একেটা পৰিয়ালৰে ৫ জনকৈ সদস্যৰ সলিল সমাধি ঘটাৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে, হৰেণ বৰা, পত্নী ফুনু বৰা, দুই জিয়াৰী আৰু মাতৃৰ সৈতে পৰিয়ালটো ৰঘুবাৰীৰ আত্মীয়ৰ ঘৰলৈ আহিছিল। এখন swift গাড়ীৰ সৈতে অহা পৰিয়ালটোৱে নিয়ন্ত্ৰণ হেৰুৱাই দিখৌ মঠাউৰিৰ পৰা বাগৰি দিখৌ নদীত পৰে।
প্ৰতক্ষ্যদৰ্শীৰ ভাষ্য মতে, নদীত পৰাৰ পাচতো বহু দূৰ পানীত উপঙি গাড়ীখন গৈ আছিল আৰু এজন লোকে উদ্ধাৰৰ বাবে নাৱেৰে গৈছিল যদিও গাড়ীৰ গ্লাছ ভাঙি উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।