75
কাজিৰঙাঃ কাজিৰঙাৰ দিৰিং চাৰিআলিত মঙলবাৰে নিশা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ পৰিতোষ ভট্টাচাৰ্য নামৰ লোক এজনৰ মৃত্য হয়। পৰিতোষে নিজৰ স্কুটাৰ খনেৰে বোকাখাটৰ পৰা কাজিৰঙালৈ আহি থকা অৱস্থাত পিছফালৰ পৰা এখন তীব্ৰ বেগী গাড়ীয়ে খুন্দা মাৰে৷
ফলত ব্যক্তি গৰাকী গুৰুতৰ ভাৱে আহত হয়৷ পিছত স্থানীয় ৰাইজে ততাতৈয়াকৈ বোকাখাট হস্পিতালত ভৰ্তি কৰে যদিও পৰ্যটন ব্যৱসায়ী ভট্টাচাৰ্যৰ মৃত্যু হয়৷