66
ধুবুৰীঃ আজি শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ মুখত কালিমা সানি সংঘটিত হ’ল এক অঘটন৷ পবিত্ৰ শিক্ষক দিৱসৰ দিনাই গৌৰীপুৰৰ আশাৰীকান্দী হাইস্কুলত সম্বৰ্ধনা সভাক কেন্দ্ৰ কৰি প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকৰ মাজত লাগিল প্ৰচণ্ড বাক-বিতণ্ডা৷
আনহাতে এই ঘটনাক কেন্দ্ৰ কৰিয়ে বিদ্যালয়ৰখনৰ ছাত্ৰৰ মাজতো মাৰপিট আৰম্ভ হয়৷ এই ঘটনাত তিনিজন ছাত্ৰ গুৰুতৰ ভাবে আহত হয়৷ গুৰুতৰ ভাবে আহত মোকদ্দেছ সৰকাৰক গৌৰীপুৰ চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হয়৷