ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ কুশীনগৰত সংঘটিত হয় এক হৃদয় বিদাৰক দুৰ্ঘটনা৷ ৰেলৰ সৈতে খুন্দা মাৰি কুশীনগৰৰ বুশুনপুৰাত নিহত হয় ১৩গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰী৷
জানিব পৰা মতে, উত্তৰপ্ৰদেশৰ কুশীনগৰ জিলাৰ দুডহী ৰেল ক্ৰোচিঙত এখন স্কুল ভেনে চলন্ত ৰেলগাডীত খুন্দা মাৰে৷ ফলত স্কুল ভেনখনৰ ভিতৰত থকা ১৩ গৰাকী ছাত্ৰ-ছাত্ৰী ছিতাতে নিহত হয়৷ প্ৰত্যক্ষ দৰ্শীৰ মতে ডিভাইন স্কুল ছাত্ৰ-ছাত্ৰী কঢ়িওৱা স্কুল ভেন এখনে ৰেলৱে ক্ৰোচিং পাৰ হৈ থকা সময়তে এখন যাত্ৰীবাহী ৰেলগাড়ীয়ে খুন্দা মৰাত স্কুল ভেনখন চূৰ্ণ-বিচূৰ্ণ হৈ যায়৷