ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ কুশীনগৰত সংঘটিত হয় এক হৃদয় বিদাৰক দুৰ্ঘটনা৷ ৰেলৰ সৈতে খুন্দা মাৰি কুশীনগৰৰ বুশুনপুৰাত নিহত হয় ১৩গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰী৷

জানিব পৰা মতে, উত্তৰপ্ৰদেশৰ কুশীনগৰ জিলাৰ দুডহী ৰেল ক্ৰোচিঙত এখন স্কুল ভেনে চলন্ত ৰেলগাডীত খুন্দা মাৰে৷ ফলত স্কুল ভেনখনৰ ভিতৰত থকা ১৩ গৰাকী ছাত্ৰ-ছাত্ৰী ছিতাতে নিহত হয়৷ প্ৰত্যক্ষ দৰ্শীৰ মতে ডিভাইন স্কুল ছাত্ৰ-ছাত্ৰী কঢ়িওৱা স্কুল ভেন এখনে ৰেলৱে ক্ৰোচিং পাৰ হৈ থকা সময়তে এখন যাত্ৰীবাহী ৰেলগাড়ীয়ে খুন্দা মৰাত স্কুল ভেনখন চূৰ্ণ-বিচূৰ্ণ হৈ যায়৷ 

ফলত স্কুললৈ বুলি ওলাই অহা ১৩গৰাকী কণমানি ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণ হেৰুৱায়৷ ইফালে স্কুল ভেনখনত ১৩ গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰী থকাৰ সন্দেহ কৰি জিলা প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ 

দুৰ্ঘটনাটোৰ পিছত উত্তৰ প্ৰদেশৰ মূখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰি প্ৰতিজন নিহত ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালবৰ্গলৈ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে৷ মূখ্যমন্ত্ৰীয়ে বিশুনপুৰাত উপস্থিত হৈ নিহত ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালবৰ্গৰ সৈতে সাক্ষাৎ কৰাৰ ইচ্ছাও প্ৰকাশ কৰে৷