ডিজিটেল ডেস্কঃ ৰাজস্থানৰ চিত্তগড় জিলাৰ ঘাইপথত পথ দুৰ্ঘটনাত পতিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেন৷ দুৰ্ঘটনাটোত যশোদাবেনে মূৰত আঘাত পোৱাৰ লগতে এগৰাকী ব্যক্তিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ জিলা খনৰ কাতুণ্ডাত পুৱা ১০ বজাত দুৰ্ঘটনাটো সংঘটিত হয়৷
ৰাজস্থানৰ বাৰণ জিলাৰ এখন বিবাহৰ কাৰ্যসূচীত অংশ লৈ গুজৰাট অভিমুখে অহাৰ পিছতেই দুৰ্ঘটনাত পতিত হয়৷ জানিব পৰা মতে, এখন ট্ৰাকে খুন্দা মাৰে তেওলোকে আহি থকা বাহন খনত৷ ইতিমধ্যে ট্ৰাকখনৰ চালকক আটৰ কৰে আৰক্ষীয়ে৷