ডিজিটেল ডেস্কঃ বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ টোগাড়ীয়াক পুনৰ হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হৈছে৷ বুধবাৰে পুৱা গুজৰাটৰ চুৰাটত এখন ট্ৰাকে খুন্দিয়াই হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হৈছে৷ টোগাড়ীয়াই বুলেটপ্ৰুফ গাড়ীত গৈ থকা অৱস্থাত এখন ট্ৰাকে পিছফালৰ পৰা খুন্দিয়াই যদিও নেতাগৰাকী সম্পূৰ্ণ সুৰক্ষিত বুলি জানিব পৰা গৈছে৷
দুৰ্ঘটনাৰ পিছতেই পুনৰ হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন কৰে কট্টৰ হিন্দুত্ববাদী নেতাজনে৷ দুৰ্ঘটনাৰ পিছত ট্ৰাক চালকক আৰক্ষীয়ে আটক কৰে৷ যোৱা জানুৱাৰী মাহত হঠাৎ নিৰুদ্দেশ হৈ পৰিছিল বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকী৷