76
কোকৰাঝাৰঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ সমষ্টিত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। ৰাজ্যৰ বনাঞ্চল ৰক্ষা কৰাৰ বাবে কৰা সকলো প্ৰচেষ্টাক ভেঙুচালি কৰি চোৰাং কাঠ সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে বন ধ্বংস অভিযান।
আজি পুৱতি নিশা বনমন্ত্ৰীৰ গৃহ চহৰ কোকৰাঝাৰৰ শ্যামগাওঁত চোৰাং শালকাঠৰ কুণ্ডা ভৰ্তি এখন ট্ৰাক ব্যস্ত জে.ডি.পথত চকা ফুটি বাগৰি পৰাৰ ফলত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই নিয়া কাৰ্য স্পষ্ট হৈ পৰিছে ৷