57
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কুশীনগৰ এলেকাৰ এটা ৰেলৱে ক্ৰছিং পাৰ হ’ব লওতে বাছ এখনক চলন্ত ৰেলগাড়ীয়ে খুন্দা মৰাৰ ফলত ১১ টি শিশুৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
সাতগৰাকী ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। মুঠ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰী স্কুলবাছখনত বিদ্যালয় অভিমুখে গৈ আছিল।