ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কুশীনগৰ এলেকাৰ এটা ৰেলৱে ক্ৰছিং পাৰ হ’ব লওতে বাছ এখনক চলন্ত ৰেলগাড়ীয়ে খুন্দা মৰাৰ ফলত ১১ টি শিশুৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

সাতগৰাকী ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। মুঠ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰী স্কুলবাছখনত বিদ্যালয় অভিমুখে গৈ আছিল।

কুশীনগৰৰ দুধী স্থানৰ ৰেলৱে ক্ৰছিঙত এই শোকাৱহ দুৰ্ঘটনাটো ঘটে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ততালিকে ঘটনাস্থলীত উপস্থিত হয়।