ধুবুৰীঃ নৱগঠিত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ এ চি এছ বিষয়া এগৰাকীয়ে "প্ৰাগ নিউজ" নামৰ বাতৰি কাকত বিচাৰি স্থানীয় বাতৰি কাকত বিতৰকলৈ পত্ৰ লিখা ঘটনাক লৈ জিলাখনত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে।

টি ভি চেনলক বাতৰি কাকত বুলি ভবা এই বিষয়াজন হৈছে মঞ্জুৰ ইলাহী লস্কৰ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহকুমাৰ ভাৰপ্ৰাপ্ত  তথ্য আৰু জনসংযোগ বিষয়াৰ দায়িত্বত আছে লস্কৰ। 

প্ৰাপ্ত বাতৰি মতে, বৃহস্পতিবাৰে বিষয়াজনে হাটশিঙিমাৰীৰ মনোৱাৰ কাকত এজেন্সীলৈ অসমৰ এটা জনপ্ৰিয় টিভি চেনেলক বাতৰি কাকত হিচাপে উল্লেখ কৰি এই আজৱ পত্ৰ প্ৰেৰণ কৰে। এই আজৱ পত্ৰখনে জিলাখনৰ বহুতকে হাঁহিৰ খোৰক যোগোৱাৰ লগতে বিষয়াজনৰ শিক্ষাগত অৰ্হতালৈও বহুতেই সন্দেহৰ আঙুলি টোৱাইছে।

"প্ৰাগ নিউজ এটা টিভি চেনেল নে বাতৰি কাকত সেয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ এগৰাকীয়েও জানে। কিন্তু সেই সাধাৰণ কথাটোকে এজন এ চি এছ বিষয়াই নাজানে। তাতে আকৌ বিষয়াজন জনসংযোগৰ দায়িত্বত আছে। ইয়াতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে?"- এই মন্তব্য জিলাখনৰ সৰ্বসাধাৰণৰ।

এনেদৰেই এতিয়া উক্ত পত্ৰখনক লৈ সৰস চৰ্চা চলিছে সমগ্ৰ দক্ষিণ শালমাৰা-মানকাচাৰ জিলাখনত। পত্ৰখন ইতিমধ্যে ছ'চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে।

এগৰাকী  এ চি এছ বিষয়া হৈ সাধাৰণ কথা এটা নজনা বুলি জানিব পাৰি সকলোৱে হতবাক হৈ পৰাৰ লগতে উত্থাপন কৰিছে একাধিক প্ৰশ্নৰ। বিষয়াজনে মেধাৰ পৰিৱৰ্তে কোনো ৰাজনৈতিক নেতাৰ আশীৰ্বাদ অথবা ধনৰ জোৰত চাকৰি পোৱা বুলিও মুকলিকৈয়ে মন্তব্য কৰিছে বহুজনে।