newsnextone.com | ওদালগুৰিঃ এইবাৰ আন এজন কৰ্মৰত এচিএছ বিষয়াই পদত্যাগ কৰা ঘটনাই ওদালগুৰিত ব্যাপক চৰ্চা লাভ কৰিছে। পদত্যাগ কৰিলে ওদালগুৰিৰ নিৰ্বাচনী বিষয়া কাৰ্পূণ পাটিৰে। বুধবাৰে ওদালগুৰি জিলা উপায়ুক্তৰ দ্বাৰা চৰকাৰলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে বিষয়াগৰাকীয়ে। এক সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, মাতৃৰ শাৰীৰিক অৱস্থা অসুস্থ হোৱাৰ বাবে পদত্যাগ কৰা বুলি বিষয়াগৰাকীয়ে পত্ৰখনত উল্লেখ কৰিছে। 

উল্লেখযোগ্য যে, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমান বিজেপি নেত্ৰী সুমিত্ৰা পাটিৰৰ পুত্ৰ কাৰ্পুন পাটিৰে বিগত ২০১৫ চনত ডিফুত নিযুক্তি লাভ কৰাৰ পৰৱৰ্তী সময়ত ২০১৬ চনৰ শেষভাগত ওদালগুৰি জিলাত নিৰ্বাচনী বিষয়া হিচাপে যোগদান কৰিছিল। কিন্তু অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল নিযুক্তি কেলেংকাৰীৰ অভিযোগত তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীৰ জালত পৰাৰ পাছত সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত তদন্ত‌ই তীব্ৰ গতি লাভ কৰিছিল। গ্ৰেপ্তাৰ হৈছিৰ এজনৰ পাছত আনজন বক্ৰ পথেৰে নিযুক্তি লাভ কৰা বিষয়া। 

উক্ত তদন্তৰ সময়ছোৱাৰ পৰাই ৰাকেশ পালৰ দিনত নিযুক্তি লাভ কৰা ওদালগুৰিৰ সদ্য পদত্যাগী এচিএছ বিষয়া কাৰ্পুন পাটিৰ হতাশাত ভুগি থকা বুলি তেতিয়াই সংবাদ মাধ্যমৰ আগত তেওঁ উল্লেখ কৰিছিল। এই সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ হৈছিল। ইয়াৰ প্ৰায় এবছৰমান পাছত এপিএছচি তদন্ত সন্দৰ্ভত নাম উচ্চাৰিত হৈছিল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি নেত্ৰীৰ পুত্ৰ তথা ওদালগুৰিত কৰ্মৰত এচিএছ বিষয়াগৰাকীৰ নাম। 

পূৰ্ৱে মন্ত্ৰী হৈ থকাৰ সময়তে মাতৃৰ জৰিয়তে বক্ৰ পথেৰে চাকৰি লাভ কৰা বুলি চৰ্চা চলিছিল কাৰ্পূণ পাটিৰৰ বিৰুদ্ধে। কিন্তু তদন্তৰ দ্বায়িত্বত থকা ডিব্ৰুগড় আৰক্ষীয়ে বিষয়াজনৰ বিৰুদ্ধে কোনো বিশেষ তথ্য প্ৰমান লাভ অথবা বিষয়াগৰাকীক কোনো ধৰণৰ তলব কৰাৰ খবৰ এই মূহুৰ্তলৈ পোহৰলৈ অহা নাছিল। 

আনহাতে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে কিছুদিন পূৰ্ৱে ঘোষণা কৰিছিল যে আৰু অধিক সন্দেহযুক্ত বিষয়া তদন্তকাৰী আৰক্ষীৰ জালত পৰিব। ইতিমধ্যে বহুতো পৰীক্ষাবহী ফৰেণচিক বিশেষজ্ঞলৈ প্ৰেৰণ কৰা হৈছে। যদিহে ফৰেণচিক প্ৰতিবেদনত পদত্যাগী বিষয়াগৰাকী দোষী প্ৰমাণিত হয় তেন্তে তেখেতক যে তদন্তকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব সেয়া নিশ্চিত। 

কিন্তু কি কাৰণত তেখেতে পদত্যাগ কৰিছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। সি যি কি নহ‌ওঁক ৰাকেশ পালৰ দিনত নিযুক্ত এগৰাকী এচিএছ বিষয়াই হঠাৎ পদত্যাগ কৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।