newsnextone.com | ওদালগুৰিঃ এইবাৰ আন এজন কৰ্মৰত এচিএছ বিষয়াই পদত্যাগ কৰা ঘটনাই ওদালগুৰিত ব্যাপক চৰ্চা লাভ কৰিছে। পদত্যাগ কৰিলে ওদালগুৰিৰ নিৰ্বাচনী বিষয়া কাৰ্পূণ পাটিৰে। বুধবাৰে ওদালগুৰি জিলা উপায়ুক্তৰ দ্বাৰা চৰকাৰলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে বিষয়াগৰাকীয়ে। এক সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, মাতৃৰ শাৰীৰিক অৱস্থা অসুস্থ হোৱাৰ বাবে পদত্যাগ কৰা বুলি বিষয়াগৰাকীয়ে পত্ৰখনত উল্লেখ কৰিছে।
উল্লেখযোগ্য যে, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমান বিজেপি নেত্ৰী সুমিত্ৰা পাটিৰৰ পুত্ৰ কাৰ্পুন পাটিৰে বিগত ২০১৫ চনত ডিফুত নিযুক্তি লাভ কৰাৰ পৰৱৰ্তী সময়ত ২০১৬ চনৰ শেষভাগত ওদালগুৰি জিলাত নিৰ্বাচনী বিষয়া হিচাপে যোগদান কৰিছিল। কিন্তু অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল নিযুক্তি কেলেংকাৰীৰ অভিযোগত তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীৰ জালত পৰাৰ পাছত সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত তদন্তই তীব্ৰ গতি লাভ কৰিছিল। গ্ৰেপ্তাৰ হৈছিৰ এজনৰ পাছত আনজন বক্ৰ পথেৰে নিযুক্তি লাভ কৰা বিষয়া।