গুৱাহাটী/গোলাঘাটঃ চিলাপথাৰৰ পিছত নগাঁৱত সংঘটিত অনুৰূপ ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে অসম আৰু অসমীয়াক ভালপোৱা প্ৰতিজন লোকেই দল-মত নিৰ্বিশেষে ক্ষুব্ধ হৈ উঠাৰ সময়তে এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ মন্তব্যই সূচনা কৰিছে আন এক বিতৰ্কৰ৷ ৰাজ্যিক বিজেপিৰ এগৰাকী প্ৰভাৱশালী নেতাৰ সৈতে সু-সম্পৰ্ক থকা বুলি বহুতৰ মাজত গুণা-গথা চলি অহাৰ মাজতে অন্যতম জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে নগাঁও কাণ্ডক লৈ আওপকীয়াকৈ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা চৰকাৰখনক নিৰ্দোষী সজাবলৈ চেষ্টা চলায়৷
শনিবাৰে গোলাঘাটৰ এল জিৰ এটি শ্ব’ ৰুম মুকলি অনুষ্ঠানত ভাগ লৈ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অভিনেত্ৰীগৰাকীয়ে ৰাজ্যবাসীক সকলো ক্ষেত্ৰতে চৰকাৰখনক দোষ দি নাথাকিবলৈ আহ্বান জনায়৷ ‘চৰকাৰক সকলো কথাতে দোষ দি থকাতো উচিত নহয়৷ কিছুমান সমস্যা ৰাইজে নিজেই সমাধান কৰি ল’ব লাগে৷’-নগাঁও কাণ্ডক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে এইদৰে চৰকাৰক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলায় অভিনেত্ৰীগৰাকীয়ে৷