গুৱাহাটী/গোলাঘাটঃ চিলাপথাৰৰ পিছত নগাঁৱত সংঘটিত অনুৰূপ ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে অসম আৰু অসমীয়াক ভালপোৱা প্ৰতিজন লোকেই দল-মত নিৰ্বিশেষে ক্ষুব্ধ হৈ উঠাৰ সময়তে এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ মন্তব্যই সূচনা কৰিছে আন এক বিতৰ্কৰ৷ ৰাজ্যিক বিজেপিৰ এগৰাকী প্ৰভাৱশালী নেতাৰ সৈতে সু-সম্পৰ্ক থকা বুলি বহুতৰ মাজত গুণা-গথা চলি অহাৰ মাজতে অন্যতম জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে নগাঁও কাণ্ডক লৈ আওপকীয়াকৈ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা চৰকাৰখনক নিৰ্দোষী সজাবলৈ চেষ্টা চলায়৷ 

শনিবাৰে গোলাঘাটৰ এল জিৰ এটি শ্ব’ ৰুম মুকলি অনুষ্ঠানত ভাগ লৈ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অভিনেত্ৰীগৰাকীয়ে ৰাজ্যবাসীক সকলো ক্ষেত্ৰতে চৰকাৰখনক দোষ দি নাথাকিবলৈ আহ্বান জনায়৷ ‘চৰকাৰক সকলো কথাতে দোষ দি থকাতো উচিত নহয়৷ কিছুমান সমস্যা ৰাইজে নিজেই সমাধান কৰি ল’ব লাগে৷’-নগাঁও কাণ্ডক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে এইদৰে চৰকাৰক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলায় অভিনেত্ৰীগৰাকীয়ে৷ 

উল্লেখ্য যে নগাঁও কাণ্ডৰ সৈতে শাসনাধিষ্ঠিত বিজেপিৰ কেবাজনো কৰ্মীৰ লগতে শীৰ্ষ নেতাৰ নামো সাঙোৰ খাই পৰিছে৷ তেনে পৰিপ্ৰেক্ষিতত বিষয়টোক লৈ ৰাজ্য উত্তপ্ত হৈ থকাৰ মাজতে অভিনেত্ৰীগৰাকীয়ে এই কথাষাৰ সাধাৰণভাৱে ক’লেও বহুতেই ইয়াৰ বিৰোধিতা কৰা দেখা গৈছে৷

বিশেষকৈ প্ৰাক্তন আলফাসকলে কিমান পৰিমাণৰ টকা বান সাহায্য হিচাপে আগবঢ়াইছে বুলি প্ৰশ্ন কৰি উক্ত মন্তব্য আগবঢ়োৱাৰ পিছতে অভিনেত্ৰীগৰাকীৰ বহু অনুৰাগী ক্ষুব্ধ হৈ পৰা দেখা গৈছে৷ তেওঁ আৰু কয় যে ছালফা অৰ্থাৎ প্ৰাক্তন আলফাসকলে চৰকাৰৰ পৰা কোটি কোটি টকাৰ ঠিকা আদায় কৰিছে যদিও আজিলৈকে বানাক্ৰান্তসকলক ফুটাকড়ি এটাও আগবঢ়োৱাৰ কথা শুনা নাই৷

গুৰুত্বপূৰ্ণ কথা এয়ে যে নগাঁৱত বান সাহায্য সংগ্ৰহ কৰিবলৈ গৈয়েই অনা-অসমীয়া ব্যৱসায়ীৰ আক্ৰমণৰ বলি হৈছিল প্ৰাক্তন আলফা নেতা মুন বৰা৷ অৱশ্যে অনা-অসমীয়া ব্যৱসায়ীকেইজনে প্ৰথমে প্ৰাক্তন আলফাকেইজনে ডকাইতি কৰিবলৈ যোৱা বুলি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল৷ উক্ত এজাহাৰৰ ভিত্তিত প্ৰাক্তন আলফাকেইজনক আৰক্ষীয়ে আটকো কৰে৷ পিছত চিচিটিভিৰ ফুটেজ পোহৰলৈ অহাত প্ৰাক্তন আলফা কেইজনে যে ডকাইতি কৰিবলৈ যোৱা নাছিল সেয়া স্পষ্ট হৈ পৰাত সমগ্ৰ ৰাজ্যতে অনা-অসমীয়াৰ উপদ্ৰবৰ বিৰুদ্ধে অসমীয়া লোকসকল জাঙুৰ খাই উঠে৷

এনে এক পৰিস্থিতিৰ মাজতে ৰাজ্যখনৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে উক্ত মন্তব্য কৰাৰ লগতে শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনক এক প্ৰকাৰ নিৰ্দোষী সজাবলৈ যোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ বহুতেই ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতা এগৰাকীৰ সৈতে থকা সু-সম্পৰ্কৰ বাবেই অভিনেত্ৰীগৰাকীয়ে এনেদৰে বিজেপি চৰকাৰৰ হৈ আওপকীয়াকৈ মাত মতা বুলিও দাবী কৰা দেখা গৈছে।