ডিজিটেল ডেস্কঃ এদিন সকলোৱে যাব লাগিব অচিনা দেশলৈ৷ পৃথিৱীৰ মায়া, মোহ ত্যাগ কৰি সকলোৱে যাব লাগিব এয়া চিৰন্তন সত্য৷ কিন্তু এনে কিছু মানুহৰ অকাল মৃত্যু হয় যাক সহজে লব নোৱাৰি৷ তেনে লোকৰ মৃত্যুত ফেকুৰি উঠিছে সমগ্ৰ দেশ৷ মৃত্যুৱে কন্দুৱাইছে বহুতকে৷ হয়, সৌন্দৰ্য্য আৰু দুৰন্ত প্ৰতিভাৰ অধিকাৰী অভিনেত্ৰী শ্ৰীদেৱীৰ কথাকে কৈছো৷
যোৱা চাৰিটা দিনেই যাৰ মৃত্যুত ম্ৰিয়মান হৈ পৰে সমগ্ৰ দেশ৷ যাৰ অগণন গুণগ্ৰাহী আছে সমগ্ৰ বিশ্বত৷ যাৰ এটা চমক পাবলৈ উদ্বাউল হৈ থাকে অজস্ৰজন৷ যোৱা চাৰিদিনে অজস্ৰ ফেনে প্ৰমাণ কৰে শ্ৰীদেৱী সকলোৰে আপোন আছিল৷ ফেনসকলে প্ৰমাণ কৰে মৃত্যু জীৱনৰ পৰিসমাপ্তি নহয়৷ সদায় শ্ৰীদেৱী অমৰ হৈ থাকিব৷ এই মৃত্যু অৱধাৰিত যদিও মৃত্যুৱে একো একোজন লোকক উজলাই থৈ যায় পৃথিৱীৰ বুকুত৷ সেয়া বাস্তৱ হৈ পৰিছে৷ বুধবাৰে অনুৰাগীয়ে ৰাজকীয় সন্মানেৰে চিৰ বিদায় জনাই শ্ৰীদেৱীক৷