গোৰেশ্বৰঃ কোকৰাঝাৰত এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ পিছত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে সষ্টম হৈ আছে অসম আৰক্ষী। সমগ্ৰ বিটিএডিতে চোকা নজৰ ৰাখি তদন্ত প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ যত্ন অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আজি কোকৰাঝাৰৰ ঘটনাৰ পিছত সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল’বলৈ বাক্সা জিলাৰ গোৰেশ্বৰত হঠাৎ উপস্থিত হয় বিশেষ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া। শেহতীয়া পৰিস্থিতি সম্পৰ্কে গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গৰ সৈতে মত বিনিময় কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।