ডিজিটেল ডেস্কঃ আধাৰ কাৰ্ড অনিবাৰ্য্য সম্পৰ্কে উচ্চতম আদালতত বুধবাৰে শুনানি গ্ৰহণ কৰা হয়৷ উচ্চতম ন্যায়ালয়ে কয় যে আধাৰ কাৰ্ডক চিম কাৰ্ডৰ সৈতে সংযোগ কৰাৰ বাবে আদালতে কোনোধৰণৰ নিৰ্দেশ দিয়া নাই৷

কিন্তু ইয়াৰ পাছতো নিৰ্দেশনা পত্ৰত কিয় আদালতে আদেশ দিছে বুলি কোৱা হৈছে বুলিও উচ্চতম ন্যায়ালয়ে চৰকাৰক উভতি ধৰে৷ আনহাতে ইউডিএআইয়ে ২০১৭ চনৰ মাৰ্চ মাহতে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছিল বুলি কয়৷

ন্যায়াধীশ সীকৰী আৰু ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে আদালতে আধাৰ কাৰ্ডৰ অনিবাৰ্য্যতা সম্পৰ্কে কোনোধৰণৰ নিৰ্দেশ জাৰি কৰা নাছিল৷ ইয়াৰ পৰিৱৰ্তে ৰায় প্ৰদানৰ পূৰ্বে এজি-ৰ লিখিত তথ্য সমূহহে ৰেকৰ্ড কৰা হৈছিল বুলিও ন্যায়াধীশ দুগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷

ইয়াৰ পিছতে ইউডিএআইৰ তৰফৰ পৰা ৰাকেশ ত্ৰিবেদীয়ে কয় যে মোবাইল ফোনৰ সংযোগ লোৱাৰ সময়ততো আধাৰ কাৰ্ড এবাৰ পুনৰীক্ষণ হয়৷ আদালতে ইয়াৰ বৈধতা সম্পৰ্কে বিবেবচনা কৰক৷ আধাৰ কাৰ্ডক মোবাইল চিমৰ সৈতে সংযোগ কৰাৰ উদ্দেশ্য সন্ত্ৰাসবাদীৰ ভূৱা চিম আৰু অপ্ৰয়োজনীয় ফোন কল সমূহৰ পৰীক্ষা কৰা৷ ইয়াৰ দ্বাৰা সন্ত্ৰাসবাদ ভালেখিনি নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলিও মন্তব্য কৰে ৰাকেশ ত্ৰিবেদীয়ে৷