তিনিচুকীয়াঃ ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ সাংস্কৃতিক ঐতিহ্য বাৰৰেহণীয়া। পূৰ্বপুৰুষৰ দিনৰে পৰা নিজস্ব পৰম্পৰাগত লোকাচাৰ, লোকনৃত্য, লোক কথা, লোকসংগীত, লোকখাদ্য তথা লোকসংস্কৃতি জনগোষ্ঠীসকলে ধৰি ৰাখিছে। অৱশ্যে বিশ্বায়ন আৰু প্ৰযূক্তিবিদ্যাৰ প্ৰভাৱৰ ফলত সাম্প্ৰতিক সময়ত লাহে লাহে এনে বৰ্ণাঢ্য সংস্কৃতি লোপ পোৱাৰ উপক্ৰম হৈছে। এই বক্তব্য ৰতন থিয়ামৰ। 

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন থিয়েটাৰ শিল্পী তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষ ৰতন থিয়ামে আদিবাসী আদিবিম্বৰ আলোচনা সত্ৰৰ শুভাৰম্ভণি ভাষণত পুনৰ কয়- আদিবাসী জনগোষ্ঠীসকলৰ সাংস্কৃতিক পৰম্পৰালৈ প্ৰত্যাহ্বান আহিছে, পৰিৱৰ্তন আহিছে গতিকে সকলোৱে মিলি এনে সোণসেৰীয়া ঐতিহ্যক আমি সংৰক্ষণ কৰিব লাগিব।

উল্লেখ্য যে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত কালিৰে পৰা তিনিচুকীয়া জিলাৰ গুইজান, গতং খেলপথাৰত অনুষ্ঠিত আদিবাসী আদিবিম্ব মহোৎসৱ, ২০১৭ৰ লগত সংগতি ৰাখি পুৰণি ৰেলৱে ক্লাৱত আজি পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হয় “ভাৰতীয় জনজাতিসকলৰ কলা আৰু সংস্কৃতি’ শীৰ্ষক আলোচনা সত্ৰ।

এই আলোচনা সত্ৰত কলকাতাৰ বিশিষ্ট সাংবাদিক, লেখক, নাট্যকৰ্মী পাপিয়া ৰয়-এ ‘সূন্দৰবনৰ জনজাতিসকলৰ পৰম্পৰা’ শীৰ্ষক বিষয়, মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট বিহু বিশেষজ্ঞ ড০ অনিল শইকীয়াই বিহু নাচৰ ভংগিমা,  নেতাজী সূভাষ চন্দ্ৰ বসূ মূক্ত বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক সাৱন্তী চৌধূৰীয়ে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দ্বাৰা লোক পৰম্পৰা চহকী কৰাৰ ক্ষেত্ৰত ৰতন থিয়ামৰ ভূমিকা শীৰ্ষক বিষয় আৰু অসমৰ বিশিষ্ট লোকশিল্পী ৰাম চাচনীয়ে চাহ জনগোষ্ঠীৰ লোকনৃত্য আৰু লোকগীত শীৰ্ষক বিষয়ৰ ওপৰত আলোকপাত কৰে। 

উল্লেখ্য যে আদিবিম্ব মহোৎসৱত যোৱা নিশা ঝাৰখণ্ডৰ বীৰছা কলাকেন্দ্ৰৰ ‘কোৰবানী বেকাৰ নহী জায়েগী’ নামৰ আদিবাসী জনগষ্ঠীৰ পটভূমিত ৰচিত নাটখন মঞ্চস্থ কৰা হয়। ইফালে আজি বিয়লিৰ পৰা লোকনৃত্য অনুষ্ঠানত ছিকিমৰ লিম্বু নৃত্য, অৰুণাচল প্ৰদেশৰ গালোং নৃত্য, মণিপূৰৰ বি ডান্স এণ্ড লাওফূম লটাই লাৰই নৃত্য, মেঘালয়ৰ ৱাংগালা নৃত্য, ত্ৰিপুৰাৰ হজাগিৰি নৃত্য, পশ্চিমবংগৰ চান্থাল নৃত্য, ঝাৰখণ্ডৰ চাঁও নৃত্য, অৰুণাচল প্ৰদেশৰ নাগৰুম নৃত্য, অসমৰ চূতীয়া জনগোষ্ঠী নৃত্য, ঝুমুৰ নৃত্য, ত্ৰিপুৰাৰ চাংগিৰি নৃত্য, মেঘালয়ৰ মাছথায়া নৃত্য, খাছী নৃত্য, মণিপুৰৰ হুনেৰি নাছুল য়াৰা ফেইচন নৃত্য, অসমৰ জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শিত হয়। 

নৃত্যৰ লগতে  আজি সোণোৱাল কছাৰী জনজাতীয় ঐতিহ্যৰ পটভূমিত মঞ্চস্থ কৰা হয় ‘লোমখি’। ডিব্ৰুগড়ৰ ‘আখৰা ঘৰ’ৰ এই নাটখনে দৰ্শকৰ পৰা যথেষ্ট সহাৰি লাভ কৰে।

উল্লেখ্য যে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত আদিবাসী আদিবিম্ব মহোৎসৱৰ কাইলৈ সামৰণি পৰিব। সামৰণিৰ দিনা অসমৰ তাই আহোম জনগোষ্ঠীয় কৃষ্টি নৃত্য, মৰাণ জনগোষ্ঠীয় কৃষ্টি নৃত্য, কাঠি নৃত্য, চিংফৌ নৃত্য, ঝূমুৰ নৃত্য, মটক কৃষ্টি নৃত্য, হুগ্ৰা নৃত্য, বড়ো কৃষ্টি নৃত্য, ৰাভা নৃত্য, হাজং জাকৈয়া নৃত্য আৰু দেউৰী বিচ্ছু অনুষ্ঠিত হোৱাৰ লগতে ইম্ফলৰ ‘লামান’ শীৰ্ষক নাটখন মঞ্চস্থ হ’ব বুলি আদিবিম্বৰ সমন্বয়ক দয়াল কৃষ্ণ নাথে জানিবলৈ দিছে।