বিশ্বনাথ চাৰিআলিঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শাসকীয় বিজেপি দলে আয়োজন কৰিছে শান্তি সমদল৷ কিন্তু এই শান্তি সমদলে প্ৰকৃতাৰ্থত ৰাজ্যত শান্তি স্থাপন কৰিব পাৰিছেনে? যদি শান্তি সমদল আয়োজন কৰি ৰাজ্যত শান্তি স্থাপন কৰাটোৱেই শাসকীয় দলটোৰ মূল উদ্দেশ্য তেন্তে সৰ্বস্তৰৰ ৰাইজৰ কাষলৈ পোনপটীয়াকৈ নগৈ কিয় সান্ধ্যা আইনসদৃশ পৰিৱেশ সৃষ্টি কৰিহে সভাৰ আয়োজন কৰিবলগীয়া হৈছে? এনেধৰণৰ একাধিক প্ৰশ্নই এতিয়া জোকাৰি গৈছে সৰ্বসাধাৰণ ৰাইজক৷
ইয়াৰ মাজতে মঙলবাৰে নৱগঠিত বিশ্বনাথ জিলাৰ সদৰ বিশ্বনাথত দেখা গ’ল এক অঘোষিত জৰুৰীকালীন সদৃশ পৰিৱেশ৷ চহৰখনৰ কমলাকান্ত ক্ষেত্ৰত আয়োজন কৰা হোৱা বিজেপিৰ শান্তি সমদলৰ বাবে আজি পুৱাৰে পৰা সমগ্ৰ চহৰখনত আৰক্ষী-প্ৰশাসনে আগতীয়া ঘোষণা অবিহনে জাপি দিয়ে একপ্ৰকাৰৰ সান্ধ্যাআইন৷ কোনোৱে যাতে ওলাই গৈ শান্তি সমদলত বাধা দিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰীয় ঘাঁইপথ সংযোগী প্ৰায় প্ৰতিটো উপপথৰ সমুখত বান্ধি দিয়া হয় বাঁহৰ বেৰিকেড৷