গুৱাহাটীঃ সুদীৰ্ঘ ২৬ বছৰ ধৰি অসমত বাহাল থকা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা ৩ মাহলৈ সম্প্ৰসাৰণ কৰাৰ এক ৰাজপত্ৰিত নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰ চৰকাৰে। ১৯৯০ চনৰ ২৭ নবেম্বৰত অসমত জাৰি কৰা আফছাক লৈ অসম তথা অৰুণাচল প্ৰদেশত নিৰ্বিচাৰে মানৱাধিকাৰ উলংঘা হোৱা বুলি বিশ্বজুৰি জনমত গঠন হোৱাৰ পিছতো কেন্দ্ৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। 

দৰাচলতে এই বৃহৎ অঞ্চলটোত বিচ্ছিন্নতাবাদী সংগঠন আলফা আৰু এনডিএফবি তথা অইন উগ্ৰপন্থী সংগঠনৰ হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিততে এই আইনখন ৩ মাহলৈ সম্প্ৰসাৰণ কৰাৰ কথা আজি ঘোষণা কৰে কেন্দ্ৰই। 

ৰাজপত্ৰিত এক নিৰ্দেশত গৃহ মন্ত্ৰালয়ে সমগ্ৰ অসমকে ধৰি মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলক 'অশান্তজৰ্জৰ’ আখ্যা দি ৩ মেৰপৰা কাৰ্যকৰী হোৱাকৈ ৩ মাহৰ বাবে আফস্পা জাৰি কৰে। পত্ৰখনত উল্লেখ কৰা মতে বিগত ২০১৬ বৰ্ষত ৰাজ্যখনত ৭৫ টা হিংসাত্মক ঘটনা ঘটিছে য’ত ৩৩ জন লোকে প্ৰাণ হেৰুৱাইছিল।

সন্ত্ৰাসবাদী এনে কুটাঘাতত ৪ জন জোৱানৰ মৃত্যু হোৱাৰ লগতে ১৪ জন অপহৃত হৈছে। তদুপৰি চলিত বৰ্ষতে নটাকৈ হিংসাত্মক ঘটনাত দুজন সেনা জোৱান আছিল। এই সকলো হিংসাত্মক ঘটনাৰ বাবে আলফা, এনডিএফবিৰদৰে উগ্ৰপন্থী দল জড়িত আছিল বুলি পত্ৰখনত কোৱা হৈছে।

আন এখন পত্ৰত অৰুণাচল প্ৰদেশৰ তিনিখন জিলা- তিৰাপ, চাংলেং আৰু লংডিং। তদুপৰি অসম সীমান্তত থকা ১৬ খন আৰক্ষী থানাৰ অন্তৰ্গত এলেকাক অশান্ত বুলি উল্লেখ কৰা হৈছে পত্ৰখনত। ৰাজ্যদুখনত এনএছচিএন (আইএম), এনএছচিএন (কে), আলফা আৰু এনডিএফবিকে ধৰি বিভিন্ন সশস্ত্ৰ সংগ্ৰামী সংগঠনৰ কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে অৰুণাচল প্ৰদেশত আফছা ২০১৬ চনৰ জানুৱাৰী মাহত বলবৎ কৰা হৈছিল।

অলপতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে এই বিষয়ে অসম চৰকাৰৰ এখন বৈঠকত বহিছিল। কেতবোৰ অঞ্চলৰপৰা আইনখন আঁতৰোৱাৰ প্ৰস্তাৱো দাখিল কৰা হৈছিল উক্ত বৈঠকত। কোন অঞ্চলৰপৰা এই আইন উঠাই ল’ব পৰা যাব, সেইবিষয়ে চিন্তা-চৰ্চা অব্যাহত থকা বুলি অসম আৰক্ষীৰ বিশেষ শাখাৰ জ্যেষ্ঠ বিষয়া পল্লৱ ভট্টাচাৰ্যই জানিবলৈ দিয়ে। যি ঠাইসমুহৰপৰা এই আইন উঠাই লোৱা হ’ব, সেই ঠাইসমূহত ৰাজ্য চৰকাৰে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি গৃহ মন্ত্ৰালয়ে ৰাজ্যক পৰামৰ্শ দিয়া বুলিও ভট্টাচাৰ্যই জনায়।