ডিজিটেল ডেস্ক |লিডুঃ অসম অৰুণাচল সীমান্তৱৰ্তী জাগুনত যোৱা ১৩ অক্টোৱৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ অপহৰন কাণ্ড৷ সন্দেহযুক্ত আলফা(স্বা) ৰ প্ৰায় ১৬ জনীয়া এটা অস্ত্ৰধাৰী দলে ২ নং ফানেংৰ পবিত্ৰ গগৈ উৰফে টিকিৰাক শোৱা পাটিৰ পৰাই অপহৰণ কৰি নিয়া ঘটনাই আজি পাঁচটা দিন অতিক্ৰম কৰাৰ পাছত অৱশেষত আলফা(স্বা) ই পবিত্ৰ গগৈ ওৰফে টিকিৰাক মুকলি কৰি দিয়ে৷

আজি অৰুণাচলৰ চাংলাং জিলাৰ লংভি নামে গাৱত আলফাই পবিত্ৰ গগৈক মুকলি কৰি দিয়াৰ পিছতেই স্বস্তিৰ নিশ্বাস এৰে পৰিয়াল আৰু প্ৰশাসনে৷ কি কাৰণে এগৰাকী সামান্য ব্যৱসায়ীক আলফাই এনেদৰে অপহৰণ কৰিছিল তাক লৈ সচেতন ৰাইজৰ মনত শংকাৰ সৃষ্টি হৈ থকাৰ সময়তে অপহৃত কৱলৰ পৰা মুক্তি পোৱা পবিত্ৰই সংবাদ মাধ্যমক দিলে স্পষ্ট স্বীকাৰোক্তি৷ 

২৪ ছেপ্টেম্বৰত জাগুন আৰক্ষী চকীৰ অন্তৰ্গত কঠাচেমাত আলফা-আৰু সেনাৰ মাজত হোৱা সংঘৰ্ষৰ সময়ত জান অসম ওৰফে ৰুদ্ৰেশ্বৰ বৰুৱাই কৰুন মৃত্যুক আকোৱালী লোৱাৰ পাছত এই সমষ্ট ঘটনাৰ অন্তৰালত পবিত্ৰ গগৈ ওৰফে টিকিৰা জড়িত থকাৰ সন্দেহত আলফাই যুৱকজনক অপহৰণ কৰিছিল বুলি জানিব পৰা গৈছে৷ অৱশেষত যুৱক জন নিৰ্দোষী বুলি জনাৰ পাছত আজি ৫ দিনৰ পাছত মুকলি কৰি দিয়া হল পবিত্ৰ গগৈক৷ 

উল্লেখ্য যে একে দিনাই একেইখন গাওঁৰ পৰাই চন্দ্ৰ বুঢ়াগোহাই নামৰ এজন যুৱকো নিৰুদ্দেশ হৈ থকাৰ পাছত আলফাই অপহৰণ কৰা বুলি সন্দেহ ঘনীভূত হৈ পৰিছিল যদিও আলফাই বৰ্তমানৰ লৈকে কোনোধৰণৰ মত প্ৰকাশ নকৰাক লৈ এতিয়া সৃষ্টি হৈছে আন এক গভীৰ ৰহস্যৰ৷