Home ৰাজ্যNRC, ৫০ বছৰৰ পিছত ভৱ ডেকাই বিচাৰি পালে আপোন পৰিয়ালক

NRC, ৫০ বছৰৰ পিছত ভৱ ডেকাই বিচাৰি পালে আপোন পৰিয়ালক

by News Desk
86 views
A+A-
Reset

ৰঙিয়াঃ ৫০ বছৰৰ পিছত বিচাৰি পালে আপোন ঘৰ খনক৷ সুদীৰ্ঘ ৫০ বছৰ পাছত মিলন ঘটিল নিজ পৰিয়ালৰ সৈতে। ৰঙিয়াৰ এটা এন আৰ চি কেন্দ্ৰত প্ৰায় ৫০ বছৰৰ মূৰকত দুই ভাতৃ তথা পৰিয়ালৰ মাজত মিলন ঘটা দৃশ্যই সকলোৰে চকুলো ওলাই৷ ৰঙিয়া কৰৰা গড়ভিতৰ গাঁৱৰ প্ৰয়াত হাঁহিৰাম দাস আৰু প্ৰয়াত সুকন্তি বালা দাসৰ দুই পুত্ৰ গবিন দাস আৰু ভৱ দাসৰ মাজত প্ৰায় ৫০ বছৰে নাছিল কোনো চা-চিনাকী। এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ বাবে টংলাৰ পৰা বুধবাৰে আহি ৰঙিয়া পদুম কুৱৰী পঞ্চায়তত উপস্থিত হৈছিল ভৱ দাস বৰ্তমানৰ ভৱ ডেকা নামৰ লোকজন।

তাতে দুয়ো ভাতৃৰ চিনাকী হৈ দুয়ো কান্দোনত ভাগি পৰে। আনকি দুয়োটা পৰিয়ালৰ সকলো সদস্যই আৱেগিক হৈ পৰাৰ লগতে এন আৰ চি কেন্দ্ৰটোত কান্দোনত ৰোল উঠে৷ ঘটনাৰ বিষয়ে জানিব পৰা মতে, প্ৰয়াত হাঁহিৰাম দাস আৰু প্ৰয়াত সুকন্তি বালা দাসৰ দুই পুত্ৰৰ ভিতৰত সৰু পুত্ৰ ভৱ দাস বৰ্তমানৰ ভৱ ডেকাই ১০ বছৰ বয়সতে ঘৰ এৰি আঁতৰি গৈছিল। তেতিয়াৰ পৰা পিতৃ মাতৃ তথা ডাঙৰ ভাতৃ গবিন দাসৰ সৈতে সম্পৰ্ক নাছিল ভৱ ডেকাৰ। ভৱই এনেদৰে ঘৰৰ পৰা আঁতৰি টংলাত কাম-বন কৰি দিন পাৰ কৰাৰ লগতে বিয়া বাৰু কৰাই সংঘাৰ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0