ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে গণৰাজ্য দিৱসক লৈও ৰাজনীতি কৰাৰ অভিযোগ। প্ৰথমতে এই অভিযোগ উত্থাপিত হৈছিল পশ্চিমবংগক কেন্দ্ৰ কৰি। সকলোকে আচৰিত কৰি কেন্দ্ৰ চৰকাৰে নাকচ কৰিছিল গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে পশ্চিমবংগ চৰকাৰে প্ৰেৰণ কৰা চানেকি প্ৰতীকপট।
‘কা’ৰ বিৰুদ্ধে পশ্চিমবংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল চৰকাৰখনে স্পষ্টকৈ কেন্দ্ৰ চৰকাৰৰ সৈতে সমুখ সমৰত অৱতীৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিততে ৰাজ্যখনক এইবাৰ পেৰেডত অংশগ্ৰহণৰ পৰা বঞ্চিত কৰা বুলি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা হোৱা দেখা গৈছিল। ভিন্নজনে ইয়াক মোদী আৰু অমিত শ্বাহৰ কুটিল ৰাজনীতিও আখ্যা দিছে।