ডিজিটেল ডেস্কঃ ভাৰতক লুটি নিয়াৰ ধান্দা আছে নেকি? লুটি নি সাৰি যোৱাৰ দুৰ্বাৰ ইচ্ছা আছে নেকি? তেন্তে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে দিয়াৰ ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰে৷ শেহতীয়াকৈ মাইক্ৰ ব্লগিং ছচিয়েল ছাইট টুইটাৰত জনপ্ৰিয়তাৰ শীৰ্ষত আছে ৰাহুল গান্ধীৰ ফৰ্মুলা- ‘স্কেমষ্টাৰ্চ এচকেপ ফৰ্মুলা’৷ অৰ্থাৎ ডাঙৰৰো ডাঙৰটো বিত্তীয় কেলেংকাৰী কৰি কেনেদৰে হাত সাৰিব পাৰিব, তাকে লৈ এই ফৰ্মুলা৷
বৃহস্পতিবাৰে ‘গাইড টু লুটিং ইণ্ডিয়া’ শীৰ্ষক টুইট কৰি ব্যংগ দৃষ্টিকোণেৰে কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা বিজেপিক কটাক্ষ কৰাৰ পিছতে এইবাৰ গান্ধীয়ে লৈ আনিছে এই বিশেষ ফৰ্মুলা-কেনেকৈ কেলেংকাৰী কৰি সাৰি যাব পাৰিব৷