33
ডিজিটেল ডেস্কঃ সেনাৰ প্ৰতি কাশ্মীৰৰ যুৱকৰ দুৰ্বব্যৱহাৰৰ শেহতীয়া ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে প্লাষ্টিকৰ বুলেটেৰে প্ৰতিবাদকাৰীৰ সৈতে মোকাবিলা কৰাৰ বাবে গৃহ মন্ত্ৰালয়ে নিৰ্দেশ জাৰি কৰিছে বুলি জানিবপৰা গৈছে।
উল্লেখ্য যে শ্ৰীনগৰৰ উপনিৰ্বাচনৰ দিনাৰপৰাই সেনাৰ সৈতে স্থানীয় প্ৰতিবাদকাৰীৰ সংঘৰ্ষই তীব্ৰ হৈ উঠিছে। পেলেট গানক লৈ চলি থকা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত শেষ উপায় হিচাপে অৱশ্যে এতিয়াও পেলেট গানেই ব্যৱহাৰ কৰিব পাৰিব সেনাই।